নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IPLৰ খিতাপ যুঁজত RCB-PBKS – অনুৰাগীয়ে পাব নতুন চেম্পিয়ন

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগে লাভ কৰিব নতুন চেম্পিয়ন

নিউজ ডেস্ক, ২ জুন : RCB-PBKS ৰ মাজত আই পি এল ২০২৫ৰ খিতাপৰ যুঁজ। আই পি এলৰ দ্বিতীয়খন কোৱালিফায়াৰ মেচত পাঞ্জাব কিংছে জয় লাভ কৰে। অধিনায়ক শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত পাঞ্জাব কিংছে কোৱালিফায়াৰ-২ত পাঁচবাৰৰ বিজয়ী মুম্বাই ইণ্ডিয়ানছক ৫ উইকেটত পৰাস্ত কৰি ১১ বছৰৰ পাছত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) ফাইনেলত প্ৰৱেশ কৰিছে।

পাঞ্জাৱ কিংছে শেষবাৰৰ বাবে ২০১৪ চনত আই পি এলৰ ফাইনেল খেলিছিল আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত পৰাজয়ৰ সন্মুখীন হৈছিল।

আই পি এলৰ ইতিহাসত এইটো মাত্ৰ দ্বিতীয়টো সুযোগ যত পাঞ্জাব দলটোৱে প্লে অফ আৰু ফাইনেলত প্ৰৱেশ কৰিছে।

৩ জুনত খিতাপৰ যুঁজত আহমেদাবাদত ৰজত পাটিদাৰৰ নেতৃত্বাধীন RCBৰ বিৰুদ্ধে খেলিব PBKS-এ।

আনহাতে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগে লাভ কৰিব নতুন চেম্পিয়ন। কাৰণ PBKS আৰু RCB দুয়োটা দলে এতিয়ালৈ আই পি এলত খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাই।

আনহাতে RCBয়ে দশমবাৰৰ বাবে আই পি এলৰ প্লে অফত প্ৰৱেশ কৰিছে, কিন্তু কেতিয়াও খিতাপ জয় কৰাৰ সুযোগ পোৱা নাই।

ইফালে এইবাৰ চতুৰ্থবাৰৰ বাবে RCB-য়ে আইপিএলৰ ফাইনেল খেলিব। ইয়াৰ পূৰ্বে ক্ৰমে ২০০৯, ২০১১ আৰু ২০১৬ চনত ফাইনেলত ক্ৰমে ডেক্কান চাৰ্জাৰ্ছ, চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।

আধুনিক যুগৰ ক্ৰিকেট কিংবদন্তি বিৰাট কোহলি আই পি এল কেৰিয়াৰৰ আৰম্ভণিৰে পৰা RCBৰ সৈতে জড়িত হৈ আছে আৰু তেওঁলোকেও প্ৰথমটো আই পি এল ট্ৰফীৰ বাবে অপেক্ষা কৰি আছে।

শ্ৰেয়াছে নিজৰ অধিনায়কত্বত পাঞ্জাবক ফাইনেললৈ লৈ গৈ ইতিহাস ৰচনা কৰিলে। তেওঁ তিনিটা ভিন্ন দলক নেতৃত্ব দি আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমজন অধিনায়ক হিচাপে পৰিগণিত হয়।

ইয়াৰ পূৰ্বে ২০২০ চনত তেওঁ দিল্লী কেপিটেলছক খিতাপ মেচত আগুৱাই লৈ গৈছিল। তেতিয়া মুম্বাই ইণ্ডিয়ানছে তেওঁলোকক পৰাস্ত কৰি ট্ৰফী লাভ কৰে।

ইয়াৰ পিছত ২০২৪ চনত তেওঁ কলকাতা নাইট ৰাইডাৰ্ছক ফাইনেললৈ লৈ যায় আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি খিতাপ দখল কৰে।

You might also like