চমক আৰচিবিৰ : ৰজত পাটিদাৰক অধিনায়কৰ দায়িত্ব
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ ফেব্ৰুৱাৰীঃ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে আই পি এল ২০২৫ৰ অধিনায়ক হিচাপে নিযুক্তি দিলে ৰজত পাটিদাৰক। বিৰাট কোহলিক পুনৰ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হ’ব বুলি চৰ্চা চলিছিল যদিও সেয়া নহ’ল। দলটোৱে অধিনায়কত্ব পাটিদাৰক অৰ্পণ কৰাৰ সিদ্ধান্ত লয়। ২০২১ চনত পাটিদাৰে আৰচিবিত যোগদান কৰিছিল। তেতিয়াৰ পৰাই তেওঁ দলৰ হৈ খেলিয়েই আছে। আই পি এল ২০২৫ৰ মেগা নিলামৰ পূৰ্বে আৰ চি বিয়ে মাত্ৰ তিনিজন খেলুৱৈক ধৰি ৰাখিছিল, য’ত ৰজত পাটিদাৰো আছিল। ১১ কোটি টকাৰ বিনিময়ত দলটোৱে পাতিদাৰক ধৰি ৰাখিছিল। পাটিদাৰৰ উপৰি এচিবিয়ে বিৰাট কোহলি আৰু যশ দয়ালক ধৰি ৰাখিছিল। কোহলিক ২১ কোটি আৰু যশ দয়ালক ৫ কোটি টকাত ৰখা হৈছিল। অনুৰাগীসকলে নতুন অধিনায়ক ৰজত পাটিদাৰৰ সৈতে আই পি এল ২০২৫ত প্ৰথমবাৰৰ বাবে আই পি এল খিতাপ লাভৰ আশা কৰিব। পাটিদাৰে এই পৰ্যন্ত আৰ চি বিৰ হৈ বেটছমেন হিচাপে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে যদিও এতিয়া অধিনায়ক হিচাপে দলৰ হৈ কেনে প্ৰদৰ্শন আগবঢ়ায় সেয়া চাবলৈ আগ্ৰহী হ’ব। মন কৰিবলগীয়া যে ২০২১ চনত আৰ চি বিৰ হৈ খেলি আই পি এলত অভিষেক ঘটা ৰজত পাটিদাৰে এতিয়ালৈকে কেৱল আৰচিবিৰ হৈ খেলি আহিছে। তেওঁৰ আই পি এল কেৰিয়াৰত এইপৰ্যন্ত ২৭খন মেচ খেলিছে। এই মেচসমূহৰ ২৪টা ইনিংছত তেওঁ গড়ে ৩৪.৭৩ আৰু ষ্ট্ৰাইক ৰেট ১৫৮.৮৪ত ৭৯৯ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত তেওঁ ১টা শতক আৰু ৭টা অৰ্ধশতক অৰ্জন কৰিছে। যোৱা ছিজনত অৰ্থাৎ আই পি এল ২০২৪ত দক্ষিণ আফ্ৰিকাৰ ফাফ ডু প্লেছিছে দলটোৰ অধিনায়কত্ব কৰিছিল। কিন্তু আই পি এল ২০২৫ৰ পূৰ্বে দলটোৱে ডু প্লেছিছক ধৰি ৰখা নাছিল আৰু মেগা নিলামত পুনৰ ক্ৰয় কৰা নাছিল। ২০২৫ চনৰ আই পি এলত দিল্লী কেপিটেলছৰ হৈ খেলা দেখা যাব ডু প্লেছিছক। ডু প্লেছিছক দিল্লীয়ে ২ কোটি টকাত ক্ৰয় কৰিছিল।