প্ৰথম কোৱালিফায়াৰত স্থান নিশ্চিত RCBৰ, সন্মুখত PBKS
প্ৰথম কোৱালিফায়াৰত স্থান নিশ্চিত RCBৰ, সন্মুখত PBKS
নিউজ ডেস্ক, ২৮ মে’ : প্ৰত্যাশা অনুসৰিয়ে প্ৰথম কোৱালিফায়াৰত স্থান নিশ্চিত কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে। চলিত আইপিএলত দমনীয় প্ৰদৰ্শনেৰে খেলি থকা RCBয়ে কালিও লীগৰ অন্তিমখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৬ উইকেটত পৰাস্ত কৰে।
মেচখনত প্ৰথমে বেট ধৰি লক্ষ্ণৌৱে নিৰ্ধাৰিত ২০ অভাৰত অধিনায়ক পণ্টৰ অপৰাজিত ১১৮ ৰানৰ সহায়ত ২২৭ ৰান কৰে। বিপৰীতে RCBয়ে কোহলিৰ ৫৪ আৰু অধিনায়ক জিতেশ শৰ্মাৰ দুৰ্দান্ত ৮৫ ৰানৰ সহায়ত বিজয় সাব্যস্ত কৰে।
এই জয়ৰ লগে লগে RCBয়ে প্ৰথমখন কোৱালিফায়াৰত অহা ২৯ মেত মুল্লানপুৰত শক্তিশালী পঞ্জাবৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াব।
আনহাতে আন এখন এলিমিনেটৰ মেচত ৩০ মেত মুখামুখি হব গুজৰাট জায়েণ্টছ বনাম মুম্বাই ইণ্ডিয়ানছ।