নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবছৰতে আয়ৰ পৰিমাণ বৃদ্ধি ৪,২০০ কোটি টকা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ ডিচেম্বৰঃ এসময়ত স্প’নছৰ বিচাৰি হাবাথুৰি খাব লগা হৈছিল ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ খেলুৱৈৰ পাৰিশ্রমিকৰ বাবেও নাছিল টনকিয়াল পুঁজি৷ তেনে এক অৱস্থাৰ পৰা ক্রমাৎ আগুৱাই আহি আজি ক্রিকেট বিশ্বৰ আটাইতকৈ ধনৱন্ত ক্রিকেট ব’ৰ্ড হিচাপে পৰিগণিত হৈছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ড৷ এনে শক্তিশালী আর্থিক স্থিতিৰ বাবেই এতিয়া আইচিচিৰ ভিতৰতো বিচিচিআই বিশেষ প্রভাৱশালী হৈ পৰিছে৷ সাধাৰণতে ব্যৱসায়িক ক্ষেত্রত বৃহৎ কোম্পানীৰ উত্থান–পতন সাধাৰণ নিয়ম৷ কিন্তু এই নিয়মৰ যেন ঊৰ্ধত বিচিচিআই৷ বিচিচিআইৰ ক্ষেত্রত প্রতিনিয়ত বৃদ্ধি পাইছে উপার্জন৷ এই বৃদ্ধিৰ পৰিমাণো সাধাৰণ নহয়, বৰঞ্চ ৪ হাজাৰ কোটিতকৈও অধিক৷ যোৱা বিত্তীয় বর্ষত ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ বেংক বেলেঞ্চ প্রায় ৪,২০০ কোটি টকা বৃদ্ধি পাইছে৷ এতিয়া বিচিচিআইৰ একাউণ্টত ২০ হাজাৰ কোটিতকৈও অধিক টকা জমা হৈছে৷ ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ দৰে বিশ্বৰ আটাইতকৈ ধনৱন্ত ক্রিকেট লীগ চলোৱাৰ লগতে আইচিচিৰ পৰা ধনৰ সর্বাধিক অংশ লাভৰ সুবাদত ভাৰতীয় ব’ৰ্ডৰ আয় আন যিকোনো দেশৰ ক্রিকেট ব’ৰ্ডতকৈ অধিক৷ প্রতি বছৰে ইয়াৰ জৰিয়তে বিচিচিআয়ে বিপুল উপার্জন কৰে৷ এক প্রতিবেদন অনুসৰি, এইবাৰ আয়ৰ এই ধনৰাশি প্রায় ৪,২০০ কোটি টকা৷ ২০২৩ বিত্তীয় বর্ষত ব’ৰ্ডৰ সৈতে নগদ ধন আৰু বেংকৰ বেলেঞ্চ প্রায় ১৬,৪৯৩ কোটি টকা আছিল আৰু এই পৰিমাণ এতিয়া ২০,৬৮৬ কোটি টকালৈ বৃদ্ধি পাইছে৷ এইদৰে বিচিচিআইৰ তহবিলত এবছৰতে প্রায় ৪,২০০ কোটি টকা বৃদ্ধি হৈছে৷ কেৱল এয়াহ নহয়, যোৱা বিত্তীয় বর্ষত ব’ৰ্ডৰ মুঠ উপার্জনে আশা কৰাতকৈও অধিক হৈছে৷ বিচিচিআয়ে এই বিত্তীয় ব’ৰ্ডত প্রায় ৮,৯৯৫ কোটি টকা উপার্জন কৰিছে৷ এতিয়া চলিত বিত্তীয় বর্ষত বিচিচিআয়ে ১০ হাজাৰ কোটিতকৈ অধিক উপার্জন কৰাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে বিচিচিআইৰ আয়ৰ মূল ডৎস হৈছে আইপিএল আৰু ভাৰতীয় দলৰ মেচৰ সম্প্রচাৰৰ অধিকাৰস্বত্বৰ দ্বাৰা৷ ২০২২ চনত বিচিচিআয়ে ৫ বছৰৰ বাবে আইপিএলৰ সম্প্রচাৰৰ অধিকাৰস্বত্ব প্রায় ৪৮ হাজাৰ কোটি টকাত বিক্রী কৰিছিল৷ ইয়াৰ বাবে প্রতি বছৰে ব’ৰ্ডৰ আয় বৃদ্ধি পায়৷ আনহাতে ২০২৩ চনত ব’র্ডে ভাৰতীয় ক্রিকেটৰ সম্প্রচাৰৰ অধিকাৰস্বত্ব ৫,৯৬৩ কোটি টকাত বিক্রী কৰিছিল৷ ইয়াৰ উপৰি আইচিচিৰ ৰাজহৰ পৰা বিচিচিআয়ে ৩৯ শতাংশ ধন লাভ কৰে৷ তদুপৰি বিচিচিআয়ে মহিলা প্রিমিয়াৰ লীগৰ সম্প্রচাৰ অধিকাৰস্বত্ব, ফ্রেঞ্চাইজী মাচুল আৰু অন্যান্য স্প’নছৰৰ পৰাও বিপুল আয় কৰে৷

You might also like