নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পণ্টক ভাৰতীয় দলৰ ভৱিষ্যতৰ অধিনায়ক আখ্যা আজহাৰউদ্দিন–পার্থিৱৰ

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ টীম ইণ্ডিয়াৰ উদীয়মান তাৰকা ঋষভ পণ্টক দিল্লী কেপিটেলছৰ অধিনায়ক নিযুক্ত কৰা সিদ্ধান্তক আদৰণি জনাইছে ভাৰতৰ প্রাক্তন অধিনায়ক মহম্মদ আজহাৰউদ্দিন আৰু প্রাক্তন উইকেটৰক্ষক পার্থিৱ পেটেলে৷ পণ্টক ভৱিষ্যতৰ ভাৰতীয় অধিনায়ক আখ্যা দি আজহাৰউদ্দিনে কয় যে অষ্ট্রেলিয়া আৰু ইংলেণ্ডৰ বিৰুদ্ধে শেহতীয়াকৈ খেলা দুটাকৈ প্রত্যাহ্বানজনক শৃংখলাত বাঁওহতীয়া উইকেটৰক্ষক–বেটছ বিৰল প্রতিভাৰ প্রমাণ দাঙি ধৰিবলৈ সক্ষম হৈছে৷

ইফালে, ষ্টাৰ স্প’টছৰ এক অনুষ্ঠানত পার্থিৱ পেটেলে কয় যে পণ্ট এগৰাকী দুর্দান্ত খেলুৱৈ আৰু অনাগত দিনত তেওঁ মহেন্দ্র সিং ধোনীৰ সফলতাকো চেৰ পেলাব পাৰিব৷ বিস্ফোৰক বেটিঙেৰে যিকোনো মুহূর্তত মেচৰ গতি সলনি কৰিব পৰা সক্ষমতাই পণ্টক আন বেটছমেনতকৈ পৃথক কৰে বুলিও পেটেলে উল্লেখ কৰে৷

উল্লেখ্য যে আই পি এলত প্রথমবাৰৰ বাবে নেতৃত্ব লাভ কৰা পণ্টৰ দিল্লী কেপিটেলছে অহা ১০ এপ্রিলত মহেন্দ্র সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব৷

You might also like