নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এআইইউডিএফৰ প্রার্থী এচিএছ স্বামীৰ সম্পত্তিৰ বিশাল পাহাৰ

শপতনামাত মীনাক্ষি ৰহমানৰ তথ্য দেখি স্তম্ভিত সৰুক্ষেত্রীবাসী

নিয়মীয়া বাৰ্তা ২ এপ্ৰিলঃ শতাধিক কোটিপতি প্রার্থীৰ প্রতিদ্বন্দ্বিতা এইবাৰৰ বিধানসভা নির্বাচনৰ উল্লেখযোগ্য বিশেষত্ব হিচাপে বিবেচিত হৈছে৷ তাৰ মাজতে নামনি অসমৰ এগৰাকী প্রার্থীৰ সম্পত্তিৰ পাহাৰে স্তম্ভিত কৰিছে সমষ্টিবাসীক৷ প্রার্থীগৰাকী হ’ল মীনাক্ষি ৰহমান৷ তেওঁ সৰুক্ষেত্রী সমষ্টিৰ এআইইউডিএফ দলৰ প্রার্থী৷ ইয়াৰ পূূর্বে সমষ্টিটো আছিল কংগ্রেছৰ দখলত৷ কিন্তু এইবাৰ সৰুক্ষেত্রীত দুই মিত্রদল কংগ্রেছ আৰু এআইইউডিএফে বন্ধুত্বপূর্ণ প্রতিদ্বন্দ্বিতাৰ সিদ্ধান্ত লৈছে৷ সেইবাবেই বর্তমানৰ কংগ্রেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে এআইইউডিএফৰ মীনাক্ষি ৰহমানে৷ একমাত্র ধনৰ বলত মীনাক্ষি ৰহমানে এআইইউডিএফৰ টিকট লাভ কৰা বুলি সমষ্টিটোৰ সর্বত্র চর্চা চলিছে৷

প্রার্থিত্ব লাভ কৰাৰ পাছৰে পৰা মীনাক্ষি ৰহমানে সৰুক্ষেত্রীত ধনৰ সোঁত বোৱাই দিয়াৰ অভিযোগ উঠিছে৷ মাত্র কেইটামান বছৰৰ ভিতৰত এইগৰাকী প্রার্থী কিদৰে বিপুল সা–সম্পত্তিৰ গৰাকী হ’ল, সেয়া এতিয়াও ৰহস্যৰ আৱর্তত৷ কিয়নো, ২০১৫–১৬, ২০১৬–১৭ আৰু ২০১৭–১৮ বর্ষলৈ সৰুক্ষেত্রীৰ এআইইউডিএফ প্রার্থী মীনাক্ষি ৰহমানৰ সা–সম্পত্তিৰ পৰিমাণ আছিল তেনেই নগণ্য৷ তেওঁ আনকি আয়কৰৰ আওতালৈও অহা নাছিল৷ কিন্তু হঠাৎ যেন এইগৰাকী উচ্চাভিলাষী ৰাজনীতিকৰ হাতলৈ আহি পৰিল আলাউদ্দিনৰ চাকি৷ ২০১৮ চনৰ পৰাই অভাৱনীয় ৰূপত বাঢ়িবলৈ ধৰিলে মীনাক্ষি ৰহমানৰ সম্পত্তি৷ ২০১৮–১৯ বর্ষত তেওঁ ৩.৮০ লাখ টকাৰ আয়কৰ আদায় দিয়াৰ বিপৰীতে ২০১৯–২০ বর্ষত ১০.০৯ লাখ টকাৰ আয়কৰ আদায় দিয়ে৷ এই সময়ছোৱাত সৰুক্ষেত্রীৰ এআইইউডিএফ প্রার্থী মীনাক্ষি ৰহমান আৰু তেওঁৰ আমোলা স্বামী ছইবৰ ৰহমানে গঢ়ি তোলে সম্পত্তিৰ বিশাল পাহাৰ৷ মনোনয়ন–পত্রৰ লগত দাখিল কৰা শপতনামাত উল্লেখ কৰা অনুসৰি মীনাক্ষি ৰহমানৰ নামত থকা অস্থাৱৰ সম্পত্তিৰ মূল্য হ’ব ৯২.২০ লাখ টকা৷ আনহাতে তেওঁৰ স্বামী ছইবৰ ৰহমানৰ নামত আছে ৯৪.১১ লাখ টকাৰ অস্থাৱৰ সম্পত্তি৷ অর্থাৎ দুই স্বামী–স্ত্রীৰ নামত থকা অস্থাৱৰ সম্পত্তিৰ মূল্যই হ’ব ১.৮৬ কোটি টকাৰো অধিক৷

আনহাতে মীনাক্ষি ৰহমানৰ নামত ৪৭ লাখ টকাৰ স্থাবৰ সম্পত্তি থকাৰ বিপৰীতে তেওঁৰ স্বামী ছইবৰ ৰহমানৰ আছে ৬.১৮ কোটি টকাৰ স্থাবৰ সম্পত্তি৷ সৰুক্ষেত্রীৰ এআইইউডিএফ প্রার্থী মীনাক্ষি ৰহমান আৰু ছইবৰ ৰহমানৰ স্থাবৰ আৰু অস্থাবৰ সম্পত্তিৰ মুঠ মূল্য ৮.৫০ কোটিৰো অধিক হ’ব৷ আশ্চর্যজনক কথাটো হ’ল তিনিটা বছৰৰ ভিতৰত মীনাক্ষি ৰহমান কেনেকৈ ইমান সম্পত্তিৰ অধিকাৰী হ’বলৈ পালে? সৰুক্ষেত্রীৰ ৰাইজৰ চর্চা মতে এই বিপুল ধন সম্পত্তিৰ প্রধান উৎস হ’ল তেওঁৰ স্বামী তথা এচিএছ বিষয়া ছইবৰ ৰহমান৷ নামনি অসমৰ এখন জিলাত কর্মৰত অৱস্থাত এইগৰাকী বিষয়াৰ নাম সাঙোৰ খাই পৰিছিল এক ভূমি কেলেংকাৰিৰ লগত৷ কিন্তু শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ লগত থকা সম্পর্কৰ খাতিৰতে তেওঁক ৰক্ষণাবেক্ষণ দি বৰাক উপত্যকাৰ এক সুৰক্ষিত স্থানত সংস্থাপিতহে কৰা হ’ল৷ বিজেপি চৰকাৰ আৰু দলৰ লগত নিকট সম্পর্ক বজাই ৰখা এইগৰাকী ছইবৰ ৰহমানৰ পত্নী মীনাক্ষি ৰহমান এইবাৰ সৰুক্ষেত্রীৰ এআইইউডিএফ প্রার্থী৷ ধনবলেৰে বলীয়ান এইগৰাকী প্রার্থীক সৰুক্ষেত্রীৰ ৰাইজে কিদৰে গ্রহণ কৰে সেয়া স্পষ্ট হ’ব ২ মে’ৰ ফলাফল ঘোষণাৰ দিনটোত৷

You might also like