ঋষভ পণ্টক LSGৰ নতুন অধিনায়ক নিযুক্তি
নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ জানুৱাৰীঃ অন্ত পৰিল জল্পনা–কল্পনাৰ৷ ঋষভ পণ্টক লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে৷ ফ্রেনচাইজীটোৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই এই কথা ঘোষণা কৰে৷ নতুন অধিনায়কৰ নাম ঘোষণা কৰাই নহয়, পণ্ট আইপিএলৰ ইতিহাসৰ অন্যতম শ্রেষ্ঠ অধিনায়ক হ’ব বুলিও ঘোষণা কৰে গোৱেংকাই৷ আইপিএলৰ নিলামত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে পণ্টক অভিলেখ সৃষ্টি কৰি ২৭ কোটি টকাত ক্রয় কৰিছিল৷ হয়াৰ পূর্বে পণ্ট দিল্লী কেপিটেলছৰ অধিনায়ক আছিল৷ এতিয়া লক্ষ্ণৌৰ অধিনায়ক হিচাপে পণ্টে দলটোৰ বাবে ২০০ শতাংশ দিবলৈ সাজু বুলি ঘোষণা কৰিছে৷ লক্ষ্ণৌৰ পূর্বৰ অধিনায়ক আছিল লোকেশ ৰাহুলৰ স্থানত পণ্টক অধিনায়ক হিচাপে নিযুক্তি কৰা হয়৷ পণ্টৰ সন্দর্ভত সঞ্জীৱ গোৱেংকাৰ স্পষ্ট বক্তব্য হ’ল – ‘পণ্টৰ জন্মগত নেতৃত্ব আছে৷’ এতিয়া সকলোৱে কয় যে ৰোহিত আৰু ধোনী আইপিএলৰ ইতিহাসত সফল অধিনায়ক৷ কিন্তু মই কোৱা কথাখিনি লিখি থওক৷ ‘১০ বছৰ পিছত সকলোৱে ক’ব যে আইপিএলৰ শ্রেষ্ঠ অধিনায়ক ৰোহিত, ধোনী আৰু ঋষভ৷’ আনহাতে, পণ্টেও কয়, ‘মই ২০০ শতাংশ দিবলৈ চেষ্টা কৰিম৷’ ছিনিয়ৰসকলৰ পৰা বহুত শিকিলোঁ৷ ৰোহিত ভায়ে মোক শিকাইছিল দলৰ সতীর্থসকলৰ কাষত কেনেকৈ থিয় দিব লাগে৷ পাৰফ’ৰমেনছ আহিব আৰু যাব৷ ‘কিন্তু সঁচা কথাটো হ’ল, মই শেষলৈকে যুঁজিম৷’