নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধোনীৰ অভিলেখ ভংগ ঋষভ পণ্টৰ

🔹 ৯২ বছৰীয়া ভাৰতীয় টেষ্ট ক্রিকেটৰ ইতিহাসত ঋষভেই প্রথমগৰাকী উইকেটকীপাৰ–বেটাৰ

নিউজ ডেস্ক, ২০ অক্টোবৰ : বেংগালুৰুত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলি থকা প্রথমখন টেষ্টৰ চতুর্থ দিনা অভিলেখৰ পৃষ্ঠাত নাম লিপিবদ্ধ কৰিলে টীম ইণ্ডিয়াৰ তাৰকা উইকেটকীপাৰ–বেটাৰ ঋষভ পণ্টে৷ টেষ্টত দ্রুতগতিত ২৫০০ ৰান সংগ্রহ কৰি ভাৰতৰ প্রথমগৰাকী উইকেটকীপাৰ–বেটাৰ হিচাপে নজিৰ গঢ়ে পণ্টে৷ মাত্র ১ ৰানৰ বাবে শতকৰ পৰা বঞ্চিত হোৱা পণ্টে মাত্র ৬২টা ইনিংছত এই মাইলষ্টনত প্রৱেশ কৰি টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক তথা উইকেটকীপাৰ–বেটাৰ মহেন্দ্র সিং ধোনীৰ অভিলেখটো ভংগ কৰে৷ ধোনীয়ে ৬৯টা ইনিংছত ২৫০০ ৰান সংগ্রহ কৰিছিল৷ উল্লেখ্য যে ৯২ বছৰীয়া ভাৰতীয় টেষ্ট ক্রিকেটৰ ইতিহাসত ঋষভ পণ্টেই হ’ল প্রথমগৰাকী ভাৰতীয় উইকেটকীপাৰ–বেটাৰ, যিয়ে ৬৫টা ইনিংছৰ পূর্বে টেষ্ট ক্রিকেটত ২৫০০ ৰান সম্পূর্ণ কৰে৷ মন কৰিবলগীয়া যে টীম ইণ্ডিয়াৰ কিংবদন্তি উইকেটকীপাৰ বেটাৰ ফাৰুক ইঞ্জিনাৰে ৮২টা ইনিংছত এই নজিৰ গঢ়িছিল৷

You might also like