ধোনীৰ অভিলেখ ভংগ ঋষভ পণ্টৰ
নিউজ ডেস্ক, ২২ জুন : টীম ইণ্ডিয়াৰ তাৰকা উইকেটকীপাৰ বেটাৰ ঋষভ পণ্টে ভংগ কৰিলে মহেন্দ্র সিং ধোনীৰ এক অভিলেখ৷ ইংলেণ্ডৰ বিপক্ষে হেডিংলেত খেলি থকা প্রথম টেষ্টৰ কালি দ্বিতীয় দিনা অনবদ্য শতক অর্জন কৰি পণ্টে টেষ্ট কেৰিয়াৰত সপ্তমটো শতক কৰাৰ কৃতিত্ব অর্জন কৰাই নহয়, টেষ্ট ক্রিকেটত টীম ইণ্ডিয়াৰ উইকেটকীপাৰ হিচাপে সর্বাধিক শতক কৰাৰো অভিলেখ গঢ়ে৷ পণ্টৰ পূর্বে এই অভিলেখৰ গৰাকী আছিল মহেন্দ্র সিং ধোনী৷ ধোনীয়ে টেষ্ট ক্রিকেটত উইকেটকীপাৰ হিচাপে ৬টাকৈ শতক অর্জন কৰিছিল৷ এই তালিকাৰ তৃতীয় স্থানত আছে ঋদ্ধিমান সাহা৷ ঋদ্ধিমানে তিনিটা শতক কৰাৰ গৌৰৱ অর্জন কৰিছিল৷
ইপিনে, ইংলেণ্ডৰ মাটিত ঋষভ পণ্টৰ এয়া আছিল তৃতীয়টো শতক৷ ইয়াৰ পূর্বে ভাৰতীয় দলটোৰ তাৰকা উইকেটকীপাৰ বেটাৰগৰাকীয়ে ২০১৮ চনত দ্য অ’ভেলত ১১৪ আৰু ২০২২ চনত এজবাষ্টনত ১৪৬ ৰানৰ দুর্দান্ত ইনিংছ খেলিছিল৷ আনহাতে, পণ্টে ২০২১ চনত আহমেদাবাদতো ইংলেণ্ডৰ বিৰুদ্ধে শতকীয় ইনিংছ খেলিছিল৷