নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইংলেণ্ডত ইতিহাস ৰচিলে ঋষভ পণ্টে

🔹 এখন টেষ্টৰ দুয়োটা ইনিংছত শতক অর্জন কৰা ভাৰতৰ প্রথম তথা বিশ্বৰ দ্বিতীয়গৰাকী উইকেটকীপাৰ

নিউজ ডেস্ক, ২৪ জুন : টেষ্ট ক্রিকেটৰ ইতিহাসৰ পৃষ্ঠাত নাম লিপিবদ্ধ কৰিলে টীম ইণ্ডিয়াৰ তাৰকা উইকেটকীপাৰ-বেটাৰ ঋষভ পণ্টে৷ ইংলেণ্ডৰ বিপক্ষে খেলি থকা হেডিংলে টেষ্টত দুয়োটা ইনিংছতে শতক অর্জন কৰি ভাৰতৰ প্রথম তথা বিশ্বৰ দ্বিতীয়গৰাকী উইকেটকীপাৰ হিচাপে নজিৰ গঢ়িলে পণ্টে৷ টেষ্টখনৰ কালি চতুর্থ দিনা পণ্টে ১১৮ ৰানৰ দুর্দান্ত ইনিংছ খেলে৷

মন কৰিবলগীয়া যে টেষ্টখনত প্রথম ইনিংছতো টীম ইণ্ডিয়াৰ উইকেটকীপাৰগৰাকীয় ১৪২ ৰানৰ দুর্দান্ত ইনিংছ খেলিছিল৷ টেষ্ট কেৰিয়াৰত কালি অষ্টমটো শতক অর্জন কৰা পণ্ট হ’ল ইংলেণ্ডৰ মাটিত এখন টেষ্টৰ দুয়োটা ইনিংছতে শতক অর্জন কৰা প্রথমগৰাকী ভাৰতীয় খেলুৱৈ৷ পণ্টৰ পূর্বে জিম্বাব’ৱেৰ প্রাক্তন উইকেটকীপাৰ এণ্ডী ফ্লাৱাৰে টেষ্ট ক্রিকেটৰ এখন টেষ্টৰ দুয়োটা ইনিংছতে শতক অর্জন কৰিছিল৷ ২০০১ চনত হাৰাৰেত দক্ষিণ আফ্রিকাৰ বিপক্ষে খেলা টেষ্টখনত এই নজিৰ গঢ়িছিল ফ্লাৱাৰে৷ ইফালে, এখন টেষ্টৰ দুয়োটা ইনিংছত শতক অর্জন কৰা পণ্ট হ’ল ভাৰতৰ সপ্তমগৰাকী বেটাৰ৷ পণ্টৰ পূর্বে এই গৌৰৱ অর্জন কৰা ভাৰতৰ আনকেইগৰাকী খেলুৱৈ হ’ল বিজয় হাজাৰে, সুনীল গাভাস্কাৰ (তিনিবাৰ), ৰাহুল দ্রাবিড় (দুবাৰ), বিৰাট কোহলি, আজিংক্য ৰাহানে আৰু ৰোহিত শর্মা৷

You might also like