নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IPL ৰ এটা ছিজনত সৰ্বাধিক কেচ ধৰা খেলুৱৈ ৰূপে অসম সন্তান ৰিয়ান পৰাগৰ অভিলেখ

নিয়মীয়া বাৰ্তা, ২১ মে’: ৰাজস্থান ৰয়েলছৰ (আৰআৰ) বেটচমেন তথা অসম সন্তান ৰিয়ান পৰাগৰ অভিলেখ। শুকুৰবাৰে চেন্নাই চুপাৰ কিংছৰ (চিএছকে) বিৰুদ্ধে খেলা খেলখনত ১৫ সংখ্যক কেচ ধৰিয়ে তেওঁ আই পি এলৰ এটা ছিজনত সৰ্বাধিক কেচ ধৰাৰ অভিলেখ অৰ্জন কৰে।

উল্লেখ্য যে এতিয়ালৈকে এটা ছিজনত সৰ্বাধিক কেচ ধৰা ভাৰতীয় খেলুৱৈৰ অভিলেখ আছিল ৰবিন্দ্ৰ জাদেজাৰ নামত, কিন্তু প্ৰতিযোগিতাখনৰ অন্যতম শ্ৰেষ্ঠ ফিল্ডাৰ হৈ থকা পৰাগে এতিয়া তেওঁৰ নামত ১৫ টা কেচ ধৰি জাদেজাৰ এই অভিলেখ ভংগ কৰে।

আই পি এল চিজনত সৰ্বাধিক কেচ থকা ভাৰতীয় ফিল্ডাৰ-

১৫ – আৰ পৰাগ (2022)*

১৩ – জাদেজা (২০২১)

১৩ – জাদেজা (২০১৫)

১৩ – ৰোহিত (২০১২)

ইফালে আই পি এল এটা ছিজনত সৰ্বাধিক কেচ ধৰাৰ অভিলেখ আৰচিবিৰ প্ৰাক্তন তাৰকা এ বি ডি ভিলিয়ৰ্ছে দখল কৰিছে, যিয়ে ২০১৬ চনত ১৯ টা কেচ ধৰিছিল। এতিয়াও পৰাগৰ হাতত কমেও দুখন খেল আছে, কিয়নো ৰাজস্থানে ইতিমধ্যে প্ৰথম কোৱালিফায়াৰত তেওঁলোকৰ স্থান নিশ্চিত কৰিছে। যদি আৰআৰে প্ৰথম কোৱালিফায়াৰত গুজৰাট টাইটানছক পৰাস্ত কৰিবলৈ সক্ষম হয় তেন্তে তেওঁলোকে ফাইনেল খেলিব আৰু যদি নহয় তেন্তে তেওঁলোকে এতিয়াও দ্বিতীয় কোৱালিফায়াৰ ত জয়ী হৈ তেওঁলোকৰ অন্তিম স্থান দখল কৰাৰ সুযোগ পাব।

You might also like