নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিয়ান পৰাগক লৈ সৰৱ মাঞ্জৰেকাৰ–চোপ্রা–ষ্টেইনঃ ব্যতিক্রমী নৃত্যৰ বাহিৰে তেওঁ একো কৰিব পৰা নাই

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ আই পি এলত বাৰম্বাৰ সুযোগ লাভৰ পিছতো ব্যর্থ হোৱা অসম সন্তান ৰিয়ান পৰাগক তীব্র সমালোচনা কৰিছে ভাৰতৰ প্রাক্তন ক্রিকেটাৰ তথা জনপ্রিয় ধাৰাভাষ্যকাৰ সঞ্জয় মাঞ্জৰেকাৰ আৰু আকাশ চোপ্রাই৷ ইউ এ ইত চলি থকা আই পি এলৰ দ্বিতীয় লেগত ৰাজস্থান ৰয়েলছে খেলা তিনিওখন মেচত শোচনীয়ভাৱে ব্যর্থ হোৱাৰ পিছত প্রতিভাৱান বেটছমেন ৰিয়ানক সমালোচনাৰে থকাসৰকা কৰি মাঞ্জৰেকাৰে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে৷ এই ভিডিঅ’টোত তেওঁ ৰাজস্থান ৰয়েলছক পোনপটীয়াকৈ প্রশ্ণ কৰে যে বাৰম্বাৰ ব্যর্থ হোৱাৰ পিছতো তেওঁলোকে ৰিয়ান পৰাগক কিয় সুযোগ দি আছে? তেওঁ এনে কি কাম কৰিছে যাৰ বাবে প্রতিবাৰে মূল একাদশত স্থান পায়? ৰিয়ানৰ দীঘলীয়া ব্যর্থতাই ৰাজস্থান ৰয়েলছক বিপদত পেলোৱা বুলিও জনপ্রিয় ধাৰাভাষ্যকাৰগৰাকীয়্ উল্লেখ কৰে৷

মন কৰিবলগীয়া যে ২০২১ৰ আই পি এলত ৰিয়ানে ৯খন মেচ খেলি মাত্র ৮৪ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ ইফালে, দুবছৰ পূর্বে ৰিয়ানৰ প্রশংসাত পঞ্চমুখ হৈ পৰা আকাশ চোপ্রায়ো অসমৰ ক্রিকেটাৰগৰাকী মূল একাদশৰ বাবে যোগ্য নহয় বুলি উল্লেখ কৰিছে৷ ‘ৰাজস্থান ৰয়েলছে বাৰম্বাৰ কিয় ৰিয়ান পৰাগক সুযোগ দি আছে? তেওঁলোকে কিয় শিৱম ডুবেৰ দৰে খেলুৱৈক ড্রেছিং ৰুমত বহুৱাই ৰাখিছে? ৰিয়ানে অদ্ভুত একচনেৰে এক অ’ভাৰ বলিং কৰাৰ বাহিৰে এইবাৰ একোৱেই কৰিব পৰা নাই৷ শিৱম ডুবেই বলিঙৰ লগতে আক্রমণাত্মকো বেটিঙো কৰিব পাৰে৷ তেওঁ ইতিমধ্যে ভাৰতীয় দলৰ হৈ খেলিছে৷ ৰিয়ানৰ ওপৰত ৰাজস্থান ৰয়েলছৰ কিয় ইমান বিশ্বাস মই বুজিব পৰা নাই৷’ আকাশ চোপ্রাই এইদৰে কয়৷

আনহাতে দক্ষিণ আফ্রিকাৰ একালৰ তাৰকা বেগী বলাৰ ডেল ষ্টেইনে আকাশ চোপ্রাৰ সুৰত সুৰ মিলাই কয় যে ৰিয়ানে খেলপথাৰত ব্যতিক্রমী নৃত্য প্রদর্শনেৰে চর্চা লাভ কৰাৰ বাহিৰে আন একো কৰিব পৰা নাই৷ কুমাৰ ছাংগাকাৰাই এই যুৱ খেলুৱৈগৰাকীৰ মাজত কি প্রতিভা দেখিবলৈ পাইছে আমি বুজিব পৰা নাই৷ শিৱম ডুবেই মূল একাদশত স্থান পোৱা উচিত বুলি ষ্টেইনে উল্লেখ কৰে৷ মন কৰিবলগীয়া যে প্রথমটো ছিজনত চমকপ্রদ বেটিঙেৰে ৰিয়ানে ক্রিকেটপ্রেমীৰ দৃষ্টি আকর্ষণ কৰে যদিও ২০২০ আৰু ২০২১ৰ আই পি এলত তেওঁৰ শোচনীয় প্রদর্শনে সকলোকে হতাশ কৰিছে৷

You might also like