নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৱর্জনা নিষ্কাশন প্রকল্প ত্বৰান্বিতৰ নির্দেশ হাইক’ৰ্টৰ

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ ডাম্পিং গ্রাউণ্ড আৰু গোটা আৱর্জনা ব্যৱস্থাপনাক লৈ বিতর্ক চলি থকাৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ে আৱর্জনা নিষ্কাশন প্রকল্পৰ ৰূপায়ণ ত্বৰান্বিত কৰাৰ নির্দেশ জাৰি কৰিছে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা ৪০/২০২১ নম্বৰৰ ৰাজহুৱা স্বার্থ জড়িত আবেদনখনৰ শুনানি গ্রহণ কৰি কালি এই নির্দেশনা জাৰি কৰে ন্যায়াধীশ এন কে সিং আৰু মনীষ চৌধুৰীৰ খণ্ড বিচাৰপীঠে৷

লগতে এমাহৰ ভিতৰত ডাম্পিং গ্রাউণ্ডত গোটা আৱর্জনাৰ ব্যৱস্থাপনা প্রকল্পৰ ৰূপায়ণৰ বাবে চৰকাৰে গ্রহণ কৰা সবিশেষ তথ্য ন্যায়ালয়ত দাখিল কৰিবলৈ নির্দেশনা জাৰি কৰে৷ এমাহৰ ভিতৰত ৰাজ্য চৰকাৰে ডাম্পিং গ্রাউণ্ডৰ স্থান, গোটা আৱর্জনা ব্যৱস্থাপনা প্রকল্প ৰূপায়ণৰ বাবে লোৱা সবিশেষ তথ্য শপতনামাৰ জৰিয়তে ন্যায়ালয়ত দাখিল কৰিব লাগিব৷ চৰকাৰে ডাম্পিং গ্রাউণ্ডৰ স্থান, গোটা আৱর্জনা ব্যৱস্থাপনা ৰূপায়ণৰ বাবে গ্রহণ কৰা সকলো পদক্ষেপ সন্দর্ভত ন্যায়ালয়ে পৰীক্ষা কৰিব৷

ৰাজ্য চৰকাৰে ন্যায়ালয়ত দাখিল কৰা শপতনামাত ডাম্পিং গ্রাউণ্ডৰ গোটা আৱর্জনা ব্যৱস্থাপনা প্রকল্প ৰূপায়ণৰ বাবে ই–টেণ্ডাৰ প্রক্রিয়া আৰম্ভ কৰা বুলি উল্লেখ কৰে৷ উল্লেখ্য যে সেউজ ন্যায়াধিকৰণৰ নির্দেশনা অনুসৰি ৰাজ্য চৰকাৰে দীপৰ বিলৰ পাৰৰ ডাম্পিং গ্রাউণ্ড চন্দ্রপুৰলৈ স্থানান্তৰিত কৰিছিল৷ ৰাইজৰ ধাৰাবাহিক প্রতিবাদ নেওচি গুৱাহাটী পৌৰ নিগমে চন্দ্রপুৰৰ প্রস্তাৱিত স্থানত আৱর্জনা পেলাই আহিছিল৷

অৱশ্যে ৰাইজৰ প্রতিবাদত সেও মানি চন্দ্রপুৰৰ পৰিৱর্তে বৰাগাঁৱৰ হাউছফেডৰ ভূমিত পৌৰ নিগম কর্তৃপক্ষই আৱর্জনা পেলাই আহিছে৷ চন্দ্রপুৰ আৰু বৰাগাঁৱত ডাম্পিং গ্রাউণ্ডৰ বিৰোধিতাৰে স্থানীয় ৰাইজ আৰু দল–সংগঠনে প্রতিবাদ অব্যাহত ৰাখিছে৷ বন বিভাগ, পৰিৱেশ প্রদূষণ ব’ডকে ধৰি বিভিন্ন বিভাগৰ পৰা চৰকাৰে যাৱতীয় অনুমতি নোলোৱাকৈ চন্দ্রপুৰ আৰু বৰাগাঁৱত ডাম্পিং গ্রাউণ্ড স্থাপন কৰি গোটা আৱর্জনা নিষ্কাশন প্রকল্প ৰূপায়ণৰ বাবে প্রচেষ্টা অব্যাহত ৰাখিছে৷ অহা ১০ অক্টোবৰত এই ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ পৰৱর্তী শুনানিৰ দিন ধার্য কৰা হৈছে৷

You might also like