নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাত দলভুক্তৰ সম্ভাৱনা ৰোহিত-কোহলিৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ জানুৱাৰীঃ টেষ্ট ক্রিকেটত ভৱিষ্যৎ সন্দর্ভত বিতর্কৰ সৃষ্টি হৈ থকাৰ সময়তে বিৰাট কোহলি আৰু ৰোহিত শর্মা এতিয়াও এদিনীয়া ক্রিকেটত টীম ইণ্ডিয়াৰ বাবে গুৰুত্বপূর্ণ হৈয়ে আছে৷ ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া আগন্তুক তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ বাবে নির্বাচকসকলে কোহলি–ৰোহিতক তুচ্ছ–তাচ্ছিল্য কৰা বুলি প্রকাশ পোৱা বাতৰিৰ কেইদিনমানৰ পিছতে ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া শৃংখলাটোত ব’র্ডে দুয়োগৰাকী খেলুৱৈক ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰাৰ চিন্তা–চর্চা কৰিছে৷ আগন্তুক চেম্পিয়ন ট্রফীৰ প্রতি লক্ষ্য ৰাখিয়েই দুয়োগৰাকী খেলুৱৈক এদিনীয়া শৃংখলাটোত ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰাৰ অধিক সম্ভাৱনা আছে৷ সদ্যসমাপ্ত ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফী টেষ্ট শৃংখলাত কোহলি আৰু ৰোহিতৰ প্রদর্শনত খুৱেই অসন্তুষ্ট হৈ পৰিছে যদিও এদিনীয়া ক্রিকেটত দুয়োগৰাকী ক্রিকেটাৰৰ গুৰুত্ব এতিয়াও আছে বুলি ব’ডৰ এক সূত্রত প্রকাশ৷ অষ্ট্রেলিয়াত দাঙি ধৰা প্রদর্শনত ব’ডৰ বিষয়ববীয়াসকল অসন্তুষ্ট হৈ পৰিছে৷ দলটোৱে বেয়া সময়ৰ মাজেৰে পাৰ হৈছে৷ ক্রিকেটাৰসকল ঘৰলৈ উভতি অহাৰ পিছত দলৰ এই ব্যর্থতাৰ তদন্ত কৰিব ব’র্ডে৷ ইপিনে সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি ৰোহিত শর্মা আৰু বিৰাট কোহলিয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ লোৱা সন্দর্ভত ব’ডৰ বিষয়ববীয়াৰ সৈতে এতিয়ালৈকে কোনো আলোচনা কৰা নাই৷ অৱশ্যে দলৰ মংগলৰ বাবে ব’র্ডে কিছু পদক্ষেপ গ্রহণ কৰাৰ সম্ভাৱনা আছে৷ দুয়োগৰাকী ক্রিকেটাৰৰ বিৰুদ্ধে কি পদক্ষেপ লোৱা হ’ব সেই বিষয়ে স্পষ্টকৈ কোৱা নাই যদিও সময় আহিলে ব’র্ডে সঠিক সিদ্ধান্ত ল’ব৷ সংবাদ প্রতিষ্ঠানৰ সূত্রটোৰ পৰা জানিব পৰা মতে বিবিচিআইৰ সম্ভাব্য সম্পাদক দেৱজিৎ শইকীয়া আৰু সম্ভাব্য কোষাধ্যক্ষ প্রভতেজ সিং ভাটিয়ায়ো কোহলি আৰু ৰোহিতৰ দুর্বল ফর্মক লৈ চিন্তিত৷ ইপিনে আগন্তুক চেম্পিয়নছ ট্রফীৰ বাবে ১২ জানুৱাৰীৰ ভিতৰত ঘোষণা হ’ব ভাৰতীয় দলটো৷ সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি পিঠিৰ আঘাতৰ সমস্যৰ পৰা ক্রমে সুস্থ হৈ উঠা তাৰকা পেচবলাৰ যশপ্রীত বুমৰাহক আগন্তুক চেম্পিয়নছ ট্রফীত ভাৰতীয় দলটোৰ সহঃ অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা আছে৷ অৱশ্যে তাৰকা পেচবলাৰগৰাকীক ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া আগন্তুক সীমিত অভাৰৰ শৃংখলাটোত বিশ্রাম দিয়াৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে ইংলেণ্ডে পাঁচখন টি–২০ আৰু তিনিখন এদিনীয়া মেচৰ শৃংখলাত ভাগ লোৱাৰ উদ্দেশ্যে ভাৰত ভ্রমণলৈ আহিব৷ ২২ জানুৱাৰীৰ পৰা টি–২০ শৃংখলাটো আৰম্ভ হোৱাৰ বিপৰীতে এদিনীয়া শৃংখলাটো ৬ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব৷ আনহাতে চেম্পিয়নছ ট্রফী ১৯ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব৷

You might also like