আইপিএলত ৰোহিতেই মোৰ পথ প্রদর্শক : হার্দিক পাণ্ডিয়া
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ মাৰ্চঃ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে নিযুক্তি লাভ কৰাৰ পিছত প্রথমবাৰৰ বাবে সংবাদ মেল সম্বোধন কৰে হার্দিক পাণ্ডিয়াই৷ অহা ২২ মার্চৰ পৰা আৰম্ভ হ’বলগীয়া আইপিএলৰ সপ্তদশ সংস্কৰণত ৰোহিত শর্মাৰ স্থানত হার্দিক পাণ্ডিয়াক ফ্রেনছাইজিটোৱে কেইমাহমান পূর্বে অধিনায়ক হিচাপে নিযুক্তি দিছিল৷ ইয়াক লৈ ছ’চিয়েল মিডিয়াত বিতর্কৰো সৃষ্টি হৈছিল৷ সংবাদ মেল সম্বোধন কৰি দলটোৰ নৱনিযুক্ত অধিনায়ক হার্দিক পাণ্ডিয়াই কয় যে আসন্ন আইপিএলৰ সময়ত ৰোহিত শর্মাই তেওঁৰ পথ প্রদর্শক হৈ থাকিব৷ ৰোহিত শর্মাই মোক সহায় কৰিবলৈ সদায় থাকিব৷ মুম্বাই ইণ্ডিয়ানছে এতিয়ালৈকে যি খ্যাতি অর্জন কৰিছে সেয়া ৰোহিত শর্মাৰ অধীনতে হৈছে৷ মই মাত্র সেই সফলতা আগুৱাই নিব লাগিব৷ গতিকে মই নাভাবো যে মোৰ নেতৃত্বত ৰোহিত শর্মাই খেলিবলৈ অস্বস্তি বোধ কৰিব৷ ৰোহিতক অপসাৰণ কৰাত অনুৰাগীৰ ক্ষোভৰ বিষয়ে সোধা প্রশ্ণোত্তৰত হার্দিক পাণ্ডিয়াই কয় যে আমি অনুৰাগীক সন্মান কৰোঁ৷ অনুৰাগীৰ সকলো অধিকাৰ আছে আৰু মই তেওঁলোকৰ মতামতক সন্মান কৰোঁ৷ মুম্বাই ইণ্ডিয়ানছৰ দায়িত্বভাৰ মোৰ কান্ধত অর্পণ কৰাতো সেয়া ফ্রেনছাইজিটোৰ সিদ্ধান্ত৷ ৰোহিত শর্মাক অধিনায়ক পদৰ পৰা অপসাৰণ কৰিবলৈ কেতিয়াও মই ফ্রেনছাইজিটোক কোৱা নাই৷ মুম্বাই দলটোৰ অধিনায়ক হিচাপে নতুন ভূমিকা সম্পর্কে সোধাত পাণ্ডিয়াই কয় যে এয়া আচৰিত অনুভৱ হৈছে৷ মোৰ যাত্রা ইয়াৰ পৰাই আৰম্ভ হৈছিল আৰু মই কেতিয়াও ভবা নাছিলো যে ১০ বছৰৰ পিছত মই এই দলটোক নেতৃত্ব দিম৷ উল্লেখ্য যে ২০১৫ চনত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলি আইপিএলত অভিষেক ঘটোৱা পাণ্ডিয়াই ২০২২ চনত গুজৰাট টাইটানছত যোগদান কৰাৰ পূর্বে মুম্বাই দলটোৰ সৈতে চাৰিবাৰ খিতাপ জয়ৰ সোৱাদ লাভ কৰিছিল৷ এইটো কোনো বেলেগ নহ’ব৷ কাৰণ তেওঁৰ সহায়ৰ প্রয়োজন হ’লে ৰোহিত শর্মাৰ সহায় ল’বলৈ সদায় প্রস্তুত৷ মই মোৰ সমগ্র কেৰিয়াৰ তেওঁৰ অধিনায়কত্বৰ অধীনত খেলিছোঁ৷ গতিকে মই হিটমেনৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি যাবলৈ আগ্রহী৷ ইপিনে ৰোহিত শর্মাৰ সৈতে আগন্তুক ছিজন সন্দর্ভত তেওঁ এতিয়াও বিতংভাৱে কথা পতা নাই বুলি উল্লেখ কৰি হার্দিক পাণ্ডিয়াই লগতে কয় যে তেওঁলোকৰ অনুশীলনত তেওঁ সেই কথা আলোচনা কৰিব৷ অধিনায়ক হার্দিক পাণ্ডিয়াই নিশ্চিত কৰে যে আইপিএলৰ পূর্বে খেলিবলগীয়া অনুশীলন মেচখনত ৰোহিত শর্মাই অংশগ্রহণ কৰিব৷ উল্লেখ্য যে অহা ২৪ মার্চত আহমেদাবাদত মুম্বাই ইণ্ডিয়ানছে গুজৰাট টাইটানছৰ বিপক্ষে খেলি আইপিএলত অভিযান আৰম্ভ কৰিব৷