নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোহিত-কোহলি-বুমৰাহক ৰেহাই দি বাকী খেলুৱৈক কাঢ়া নিৰ্দেশ বিচিচিআইৰ

🎯 জাতীয় দলৰ খেলুৱৈক ঘৰুৱা ক্ৰিকেট খেলাৰ কাঢ়া নিৰ্দেশ বিচিচিআইৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ জুলাইঃ ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকলৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ পৰা আহিছে এক নতুন নিৰ্দেশাৱলী। টীম ইণ্ডিয়াৰ তাৰকা খেলুৱৈসকলক ঘৰুৱা ক্ৰিকেট খেলিবলৈও কৈছে ব’ৰ্ডে। বিচিচিআইৰ সম্পাদক জয় শ্বাহে স্পষ্ট কৰি দিছে যে যেতিয়াই সুবিধা পাব তেতিয়াই ঘৰুৱা ক্ৰিকেট খেলিব লাগিব জাতীয় দলৰ খেলুৱৈসকলে। অৱশ্যে এইক্ষেত্ৰত তিনিগৰাকী খেলুৱৈয়ে ৰেহাই লাভ কৰিছে। সংবাদ সংস্থা পিটিআইৰ প্ৰতিবেদন অনুসৰি বিচিচিআইৰ সম্পাদক জয় শ্বাহে স্পষ্ট কৰি দিছে যে যেতিয়া ৰাষ্ট্ৰীয় দলৰ খেলুৱৈসকলে দেশৰ হৈ খেলিব নোৱাৰিব তেতিয়া ঘৰুৱা ক্ৰিকেট খেলিব লাগিব। প্ৰতিবেদনত আৰু কোৱা হৈছে যে ব’ৰ্ডে বিচাৰে যে টেষ্ট দলৰ খেলুৱৈসকলে আগন্তুক দুলীপ ট্ৰফীত কমেও এখন মেচ খেলক। আচলতে ভাৰতে আগষ্ট মাহত বাংলাদেশ আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট ছিৰিজ খেলিব লাগিব। এনে পৰিস্থিতিত দুলীপ ট্ৰফীৰ বাবে সাজু হ’ব খেলুৱৈসকল। বিচিচিআইৰ এই নিৰ্দেশ ৰোহিত শৰ্মা, বিৰাট কোহলি আৰু যশপ্ৰীত বুমৰাহৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব। আচলতে ব’ৰ্ডে এই তিনিজন খেলুৱৈক এই সিদ্ধান্তৰ পৰা ৰেহাই দিছে। ব’ৰ্ডৰ মতে এই তিনিগৰাকী খেলুৱৈয়ে ঘৰুৱা ক্ৰিকেট খেলিব বিচাৰে নে নাই নিজেই সিদ্ধান্ত ল’ব লাগে। ইয়াৰ অৰ্থ স্পষ্ট যে ব’ৰ্ডে এই তিনিজন খেলুৱৈৰ ওপৰত কোনো ধৰণৰ হেঁচা প্ৰয়োগ নকৰে। পিটিআইৰ প্ৰতিবেদনত কোৱা হৈছে যে এইবাৰ কেৱল টীম ইণ্ডিয়াৰ নিৰ্বাচকসকলেহে দুলীপ ট্ৰফীৰ বাবে বাছনি কৰিব। আচলতে দুলীপ ট্ৰফীৰ বাবে কোনো আঞ্চলিক বাছনি সমিতি নাই। ইয়াত সকলো টেষ্ট খেলা খেলুৱৈক নিৰ্বাচিত কৰা হ’ব। অৱশ্যে ৰোহিত, কোহলি আৰু বুমৰাহ এই খেলত খেলিব বিচাৰে নে নাই সেয়া তেওঁলোকে নিজেই সিদ্ধান্ত ল’ব। বিগত বছৰ বিচিচিআইয়ে ঘৰুৱা ক্ৰিকেট খেলিবলৈ কেৱল শ্ৰেয়াছ আয়াৰ আৰু ঈশান কিষাণকহে কৈছিল।

You might also like