নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোহিত–কোহলি সন্দর্ভত কঠোৰ সিদ্ধান্ত ব’র্ডৰ !

🔹 আগন্তুক অষ্ট্রেলিয়া ভ্রমণতেই অগ্নিপৰীক্ষা দুই তাৰকাৰ

নিউজ ডেস্ক, ৫ নৱেম্বৰ : আগন্তুক অষ্ট্রেলিয়া ভ্রমণেই ভৱিষ্যৎ নির্ভৰ কৰিব টীম ইণ্ডিয়াৰ দুই তাৰকা খেলুৱৈ ৰোহিত শর্মা আৰু বিৰাট কোহলিৰ৷ নিউজিলেণ্ডৰ হাতত গৃহভূমিত হোৱাইট ৱাছৰ সন্মুখীন হোৱাৰ পিছত কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে টীম ইণ্ডিয়া৷ মুম্বাইৰ ৱাংখেড়েত অনুষ্ঠিত তৃতীয় তথা অন্তিমখন টেষ্টত মাত্র তিনি দিনতে আত্মসমর্পণ কৰাৰ পিছত ভাৰতীয় দলটোৰ জ্যেষ্ঠ ক্রিকেটাৰক লৈ প্রশ্ণ উত্থাপন হৈছে৷ দেওবাৰে ভাৰতীয় দলটোৰ পৰাজয়ৰ পিছত মুখ্য নির্বাচক অজিত আগাৰকাৰে প্রশিক্ষক গৌতম গম্ভীৰৰ সৈতে কথা পাতি থকা দেখা গৈছিল৷ সূত্র অনুসৰি, ভাৰতীয় দলটোৰ অধিনায়ক ৰোহিত শর্মা আৰু তাৰকা বেটাৰ বিৰাট কোহলি সন্দর্ভত কঠোৰ সিদ্ধান্ত ল’বলৈ ওলাইছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ এই দুয়োগৰাকী তাৰকা বেটাৰে নিউজিলেণ্ডৰে খেলা তিনিখনীয়া টেষ্ট মেচৰ শৃংখলাটোত বিশেষ অৰিহণা আগবঢ়াব পৰা নাছিল৷ অধিনায়ক ৰোহিত শর্মা সম্পূর্ণৰূপে ব্যর্থ হোৱাৰ বিপৰীতে বিৰাট কোহলিয়ে ছটা ইনিংছৰ মাত্র এটা ইনিংছত অর্ধশতক কৰিবলৈ সক্ষম হয়৷ দুয়োগৰাকী জ্যেষ্ঠ ক্রিকেটাৰৰ এই প্রদর্শনত ক্ষুণ্ণ হৈ পৰিছে বিচিচিআইৰ লগতে কেইবাজনো প্রাক্তন ক্রিকেটাৰ৷ জানিব পৰা মতে, অষ্ট্রেলিয়াৰ বিৰুদ্ধে খেলিবলগীয়া আগন্তুক পাঁচখনীয়া ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফী টেষ্ট শৃংখলাত যদি ৰোহিত শর্মা আৰু বিৰাট কোহলি ব্যর্থ হয়, তেতিয়াহ’লে তেওঁলোকৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা গ্রহণ কৰিব ব’র্ডে৷ হয়তো উক্ত শৃংখলাটোৱে দুয়োজন তাৰকা ক্রিকেটাৰৰ অন্তিম টেষ্ট শৃংখলা হ’ব পাৰে৷ ভাৰতীয় দলটোৰ ঘৰৰ মাটিত নির্লজ্জ প্রদর্শনত অসন্তুষ্টি ব্যক্ত কৰিছে ক্রিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ লগতে কে শ্রীকান্তে৷ নিউজিলেণ্ডৰ হাতত ৩–০ৰ ব্যৱধানত টেষ্ট শৃংখলাটোত ভাৰতীয় দলটোৰ পৰাজয়ত হতাশ হৈ পৰিছে শ্রীকান্ত৷ যদি ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফীত ব্যর্থ হয় তেতিয়াহ’লে অধিনায়ক ৰোহিত শর্মাই টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কৰিব পাৰে বুলি মন্তব্য কৰি শ্রীকান্তে কয় যে অষ্ট্রেলিয়াতো ভাল প্রদর্শন নকৰিলে ৰোহিতে সম্ভৱতঃ টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ল’ব বুলি মই ভাবোঁ৷ তেওঁ চিন্তা কৰা উচিত৷ ইফালে, টীম ইণ্ডিয়াৰ প্রাক্তন কিংবদন্তি খেলুৱৈ শচীন তেণ্ডুলকাৰে ভাৰতীয় দলটোৰ এনে দুর্বল প্রদর্শনক সহজে মানি ল’ব বিচৰা নাই৷ গৃহভূমিত ৩–০ৰ ব্যৱধানত পৰাজয় হজম কৰাটো সহজ নহয় বুলি স্পষ্ট কৰি দিয়ে তেণ্ডুলকাৰে৷ টীম ইণ্ডিয়াৰ পৰাজয়ৰ পিছত শচীনৰ প্রশ্ণ– গৃহভূমিত ৩–০ত পৰাজয় হজম কৰাটো অতি কঠিন৷ পর্যাপ্ত প্রস্তুতি অবিহনে নিউজিলেণ্ডৰে টেষ্ট শৃংখলাটোত অৱতীর্ণ হৈছিল নেকি ভাৰতীয় দলটো৷ বেটাৰসকলে বেয়া শ্বট খেলি নিজৰ উইকেট বিসর্জন দিছিল নেকি? অৱশ্যে তেণ্ডুলকাৰে শুভমন গিল আৰু ঋষভ পণ্টৰ বেটিং প্রদর্শনক প্রশংসা কৰে৷

You might also like