নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টীম ইণ্ডিয়াত কিমান দিনলৈ থাকিব ৰোহিত–কোহলি, কি ক’লে গৌতম গম্ভীৰে

🔹 ২০২৭ চনলৈকে টীম ইণ্ডিয়াত থাকিব ৰোহিত–কোহলি!

🔹 সংবাদ মেলত প্রশিক্ষক গৌতম গম্ভীৰৰ মন্তব্য

বিশেষ বাৰ্তা, ২৩ জুলাই : টীম ইণ্ডিয়াৰ প্রশিক্ষক হিচাপে নিযুক্তি লাভ কৰাৰ পিছত গৌতম গম্ভীৰে কালি প্রথম সংবাদ মেলত ভাগ লয়৷ সন্মুখত শ্রীলংকা ভ্রমণ৷ তিনিখন টি–২০ মেচৰ উপৰি তিনিখন এদিনীয়া মেচত ভাগ ল’ব ভাৰতীয় দলটোৱে৷ এদিনীয়া শৃংখলাৰ বাবে দলত অন্তর্ভুক্ত কৰা হৈছে ৰোহিত শর্মা আৰু বিৰাট কোহলিক৷ কিন্তু কিমান দিনলৈ দুয়োৱে জাতীয় দলৰ হৈ খেলিব? প্রশিক্ষক গম্ভীৰে এই বিষয়ে অৱগত কৰে৷ বিশ্বকাপ জয় কৰাৰ পিছতে টি–২০ৰ পৰা অৱসৰ লয় দুয়োগৰাকী তাৰকা খেলুৱৈয়ে৷ দুয়োগৰাকীয়ে অহা বছৰ চেম্পিয়নছ ট্ৰফী আৰু ৱর্ল্ড টেষ্ট চেম্পিয়নশ্বিপত খেলিব৷ কিন্তু তাৰ পিছত ৰোহিত–বিৰাটক পুনৰ ভাৰতীয় দলত দেখা যাবনে? এই সন্দর্ভত গম্ভীয়ে কয় যে যদি তেওঁলোকে নিজৰ ফিটনেছ বজাই ৰাখিব পাৰে, তেন্তে ২০২৭ চনৰ বিশ্বকাপত তেওঁলোকক দেখা যাব৷ গম্ভীৰে লগতে কয়– ‘বৃহৎ মঞ্চত কেনেকৈ খেলিব লাগে দুয়োগৰাকী খেলুৱৈয়ে দেখুৱাইছে৷ টি–২০ বিশ্বকাপ হওক বা ৫০ অভাৰ বিশ্বকাপ হওক, এটা কথা মোৰ বাবে স্পষ্ট যে তেওঁলোকৰ মাজত এতিয়াও বহুত ক্রিকেট প্রতিভা জীয়াই আছে৷ আটাইতকৈ ডাঙৰ কথাটো হ’ল আগলৈ চেম্পিয়নছ ট্ৰফী-অষ্ট্রেলিয়া ভ্রমণ৷ আৰু যদি তেওঁলোকে নিজৰ ফিটনেছ বজাই ৰাখিব পাৰে, তেন্তে ২০২৭ চনৰ বিশ্বকাপতো তেওঁলোকে খেলাৰ সুযোগ লাভ কৰিব৷’ গম্ভীৰে লগতে কয়– তেওঁলোকে কিমান দিন খেলিব বিচাৰে, সেয়া সম্পূর্ণৰূপে তেওঁলোকৰ ব্যক্তিগত সিদ্ধান্ত৷ বিৰাট-ৰোহিতৰ খেল এতিয়াও বিশ্বৰ ভিতৰতে শ্রেষ্ঠ৷

You might also like