নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰাট যুগৰ অৱসান, ৰোহিত যুগ আৰম্ভঃ ভাৰতীয় টেষ্ট দলৰ নতুন অধিনায়কৰ দায়িত্বত হিটমেন

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ বিৰাট কোহলীৰ পিছত ভাৰতীয় টেষ্ট দলৰ অধিনায়ক কোন হ’ব তাক লৈ দীৰ্ঘদিন ধৰি চলিছিল জল্পনা-কল্পনা। অৱশেষত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) এই জল্পনা-কল্পনাৰ অন্ত পেলাই ৰোহিত শৰ্মাক টীম ইণ্ডিয়াৰ টেষ্ট দলৰ নতুন অধিনায়কৰ দায়িত্ব প্ৰদান কৰে।

দক্ষিণ আফ্ৰিকা ভ্ৰমণত টেষ্ট দলৰ অধিনায়ক হিচাপে বিৰাট কোহলীৰ অন্তিম শৃংখলা আছিল। এই শৃংখলা চলি থকাৰ মাজতেই বিৰাটে অধিনায়কৰ দায়িত্ব ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল আৰু তাৰ পাছতেই আৰম্ভ হৈছিল ভাৰতীয় টেষ্ট দলৰ নতুন অধিনায়ক কোন হ’ব তাক লৈ জল্পনা-কল্পনা।

এনেক্ষেত্ৰত একাংশ প্ৰাক্তন খেলুৱৈয়ে ৰোহিতক সীমিত অভাৰৰ অধিনায়কৰ দায়িত্ব দিয়াৰ বিপৰীতে ৰাহানে অথবা কে এল ৰাহুলক টেষ্টৰ দায়িত্ব অৰ্পন কৰাৰ মতপোষণ কৰিছিল। কিয়নো সীমিত অভাৰৰ ক্ৰিকেটত হিটমেন দুয়োটা ফৰ্মেটৰ অধিনায়কৰ দায়িত্বত থকাৰ সময়ত যদি তেওঁক টেষ্টৰ দায়িত্ব দিয়া হয় তেতিয়া ৰোহিতৰ ওপৰত যথেষ্ট চাপ সৃষ্টি হ’ব। কিন্তু অৱশেষত আজি ভাৰতৰ চিনিয়ৰ দলৰ প্রধান নির্বাচক  চেতন শৰ্মাই ঘোষণা কৰে যে হিটমেন ৰোহিতেই হ’ব ভাৰতীয় টেষ্ট দলৰো কেপ্তেইন।

You might also like