নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইংলেণ্ডৰে টেষ্ট শৃংখলাত চকু ৰোহিতৰ

🔹 জুনত পাঁচখন টেষ্ট মেচৰ বাবে ইংলেণ্ড ভ্রমণ ভাৰতীয় দলৰ

নিউজ ডেস্ক, ১৯ এপ্রিল : চলিত আইপিএলৰ মাজতে ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া আগন্তুক টেষ্ট শৃংখলাটোক অধিক গুৰুত্বসহকাৰে লৈছে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই৷ অহা জুন মাহত ভাৰতীয় দলটোৱে পাঁচখন টেষ্ট মেচত ভাগ লোৱাৰ উদ্দেশ্যে ইংলেণ্ড ভ্রমণ কৰিব৷ আইপিএলৰ ব্যস্ততাৰ মাজতে আগন্তুক গুৰুত্বপূর্ণ টেষ্ট শৃংখলাটোৰ সন্দর্ভত মন্তব্য কৰি অধিনায়ক ৰোহিত শর্মাই কয় যে আগন্তুক ইংলেণ্ড ভ্রমণ ভাৰতীয় দলটোৰ বাবে অগ্নিপৰীক্ষাস্বৰূপ হ’ব৷ টেষ্ট শৃংখলাটোক অধিক গুৰুত্বসহকাৰে লৈছে ভাৰতীয় দলটোৱে৷ সম্প্রতি নিজৰ কর্মক লৈও চিন্তিত বুলি উল্লেখ কৰি ৰোহিত শর্মাই কয় যে ইংলেণ্ড ভ্রমণৰ পূর্বে নিজকে সম্পূর্ণ সাজু কৰি তুলিব লাগিব৷ কাৰণ, এই ভ্রমণটো মোৰ লগতে ভাৰতীয় দলটোৰ বাবে বিশেষ গুৰুত্বপূর্ণ হ’ব৷ সকলো খেলুৱৈ ১০০ শতাংশ ফিট হ’ব লাগিব৷ দুই তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহ আৰু মহম্মদ ছামিয়ে চলিত আইপিএলতে নিজকে সম্পূর্ণ ফিট বুলি প্রমাণিত কৰিব লাগিব৷ কাৰণ, আইপিএলত মাত্র চাৰি অভাৰহে বলিং কৰিব পাৰে৷ টেষ্টৰ বাবে দুয়োগৰাকী বলাৰে নিজকে সাজু কৰি তুলিব লাগিব৷ আশা কৰোঁ- বুমৰাহ আৰু ছামিয়ে ইংলেণ্ড শৃংখলাৰ পূর্বে সম্পূর্ণ সাজু হৈ উঠিব৷ যদি দলটো সম্পূর্ণ ফিট হয়, তেন্তে ইংলেণ্ডত তেওঁলোকে ভাল প্রদর্শন কৰিব পাৰিব৷ উল্লেখ্য যে অহা ২০ জুনৰ পৰা টীম ইণ্ডিয়াৰ ইংলেণ্ড ভ্রমণ আৰম্ভ হ’ব৷

You might also like