আধাতে অনুশীলন এৰিলে ৰোহিত শর্মাই
📌 ফাইনেলৰ পূর্বে আঙুলিত আঘাত
বিশেষ বাৰ্তা, ৬ জুনঃ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল। মাজত মাথোঁ কেইটাঘণ্টামান বাকী। ফাইনেলখনৰ প্ৰাকমুহূৰ্তত এক মোক্ষম আঘাতৰ সন্মুখীন হ’ল টীম ইণ্ডিয়া ৷ ঐতিহাসিক মেচখনৰ পূর্বে আঙুলিত আঘাত পালে হিটমেন ৰোহিট শর্মাই ৷ বেটিং অনুশীলন কৰি থকা সময়ত বাঁওহাতৰ বুঢ়া আঙুলিত আঘাত পায় ভাৰতীয় দলটোৰ অধিনায়ক ৰোহিত শর্মাই ৷ আঙুলিত আঘাত পোৱাৰ পিছতে অধিনায়কগৰাকীয়ে বেটিং অনুশীলনৰ পৰা বিৰত থাকে ৷ ৰোহিতে আঙুলিত আঘাত পোৱাৰ লগে লগে টীম ইণ্ডিয়াৰ ফিজিঅ’ কমলেশে অধিনায়কগৰাকীৰ আঘাতৰ পৰীক্ষা কৰি বুঢ়া আঙুলিটোত টেপ মেৰিয়াই দিয়ে ৷ কিছু সময় পিছত ৰোহিত শর্মাই গ্ল’ভছ পিন্ধি বেটিং অনুশীলন কৰিবলৈ পুনৰ খেলপথাৰলৈ আহে যদিও নিজৰ সিদ্ধান্ত সলনি কৰে ৷ আঘাত যাতে গুৰুতৰ নহয়, তাৰ প্রতি লক্ষ্য ৰাখিয়েই ৰোহিত শর্মাই পুনৰ নেটত বেটিং অনুশীলন কৰাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লয় ৷