ৰোহিতক ঘৰতে বহিবলৈ কওক…. কোনে কিয় কলে এইদৰে… জানিবলৈ চাওক এই প্ৰতিবেদন
বিশেষ বাৰ্তা, ১৮ ডিচেম্বৰঃ আঘাতৰ বাবে বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট খেলত অংশ ল’ব নোৱাৰাৰ পিছত এতিয়া দ্বিতীয়খন টেষ্টৰ বাবে ঘূৰি আহিবলৈ সাজু হৈছে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা। যদিহে ৰোহিতে দ্বিতীয়খন মেচৰ বাবে ঘূৰি আহে, তেন্তে ভাৰতীয় দল পৰিচালনা সমিতিয়ে হয়তো খেলা একাদশ বাছনি কৰাত অলপ বিমোৰত পৰিবলগীয়া হ’ব পাৰে। ভাৰতীয় প্রাক্তন ক্ৰিকেটাৰ অজয় জাডেজাকো এই প্রশ্ন সোধা হৈছিল যে ৰোহিত যেতিয়া ঘূৰি আহিব, তেতিয়া দলৰ বাহিৰত কোন হ’ব, তেতিয়া তেওঁ অতি চাঞ্চল্যকৰ উত্তৰ দিছে৷ চ’নী স্প’ৰ্টছৰ সৈতে হোৱা কথা-বতৰাত জাদেজাই কয়, “ৰোহিতক ঘৰত বহিবলৈ কওক। যেতিয়া কোনো খেলুৱৈৰ হাত ভাঙি যায় আৰু আপুনি ১০ দিন ধৰি বেট ধৰি ৰাখিব নোৱাৰে, তেতিয়া আপুনি সুস্থ হৈ উঠিলেও, ঠিক পিছদিনা আপুনি দলত যোগদান কৰিব নোৱাৰে। আৰু ১-১৫ দিন লাগে। তেওঁৰ আঘাতৰ প্ৰকৃতিও আমি নাজানো আৰু সেইবাবেই মই এই পৰামৰ্শ দিছো। ইফালে বাংলাদেশৰ বিৰুদ্ধে প্ৰথম টেষ্ট জয়লাভ কৰিছে ভাৰতীয় দলে। টেষ্টখনত ভাৰতে ১৮৮ ৰানৰ ব্যৱধানত জয়লাভ কৰি এতিয়া দ্বিতীয়খন টেষ্ট ২২ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব, য’ত ৰোহিতে খেলাৰ সম্ভাৱনা আছে। প্ৰথম টেষ্টত চেতেশ্বৰ পূজাৰা আৰু শুভমান গিলে ভাৰতৰ হৈ বেটেৰে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। পূজাৰাই প্ৰথম ইনিংছত ৯০ ৰান সংগ্ৰহ কৰি দ্বিতীয় ইনিংছত শতক অৰ্জন কৰে। গিলে দ্বিতীয় ইনিংছতো শতক অৰ্জন কৰে, যিটো তেওঁৰ টেষ্ট কেৰিয়াৰৰ প্ৰথম শতক আছিল। বলিঙত বহুদিনৰ মূৰত দললৈ ঘূৰি অহা কুলদীপ যাদৱৰ প্ৰদৰ্শন চমকপ্ৰদ, ত কুলদীপে ৮টা উইকেট দখল কৰিছিল। প্ৰথম ইনিংছত কুলদীপে ৫টা উইকেট দখল কৰাৰ লগতে ৪০ ৰানৰো বৰঙণি আগবঢ়ায়।