অষ্ট্রেলিয়ালৈ যাবনে ৰোহিত শর্মা? আজি হ’ব সিদ্ধান্ত
নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰঃ টীম ইণ্ডিয়াৰ তাৰকা অ’পেনাৰ ৰোহিত শর্মা আগন্তুক টেষ্ট শৃংখলাৰ বাবে অষ্ট্রেলিয়ালৈ যাব পাৰিবনে, সেয়া আজি নিশ্চিত হ’ব৷ বাংগালুৰুস্থিত ৰাষ্ট্রীয় ক্রিকেট একাডেমীত আজি অ’পেনাৰগৰাকীৰ বহুচর্চিত ফিটনেছ টেষ্ট সম্পন্ন হোৱাৰ পিছতে তেওঁৰ আগন্তুক অষ্ট্রেলিয়া ভ্রমণৰ ভৱিষ্যৎ নিশ্চিত হ’ব৷
শুকুৰবাৰৰ ফিটনেছ টেষ্টত সফলতাৰে উত্তীর্ণ হ’লে ৰোহিতে আজিৰ নিশাৰ ভিতৰতে অথবা শনিবাৰে পুৱাই অষ্ট্রেলিয়ালৈ ৰাওনা হ’ব৷ অষ্ট্রেলিয়াত অব্যাহত থকা ক’ভিড প্রট’কলৰ বাবে তাৰকাগৰাকীয়ে অৱশ্যে পোনপটীয়াকৈ দলীয় শিবিৰত যোগ দিব নোৱাৰিব৷ তেওঁ অষ্ট্রেলিয়াৰ মাটিত বাধ্যতামূলক ১৪ দিনৰ কোৱাৰেণ্টাইনত থাকিব লাগিব৷ এই প্রক্রিয়া সমাপ্ত হোৱালৈ ভাৰত–ষ্ট্রেলিয়াৰ দ্বিতীয় টেষ্ট সম্পন্ন হ’ব৷ অর্থাৎ আজিৰ ফিটনেছ টেষ্টত ৰোহিত শর্মা উত্তীর্ণ হ’লেও তাৰকাগৰাকীক তৃতীয় টেষ্টৰ পৰাহে ভাৰতীয় দলত দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে৷
উল্লেখ্য যে অহা ১৭ ডিচেম্বৰৰ পৰা এডিলেইডত প্রথম টেষ্ট আৰু ২৬ ডিচেম্বৰৰ পৰা মেলব’নত দ্বিতীয় টেষ্ট আৰম্ভ হ’ব৷ একেদৰে ২০২১ৰ ৭ জানুৱাৰীৰ পৰা ছিডনীত তৃতীয় টেষ্ট আৰম্ভ হ’ব৷ ৩৩ বছৰীয়া ৰোহিত আই পি এলৰ সময়ত হেমষ্ট্রিঙৰ আঘাতৰ সন্মুখীন হৈছিল৷ আঘাতৰ বাবে তেওঁ ভাৰতীয় দলৰ সৈতে অষ্ট্রেলিয়ালৈ ৰাওনা হোৱাৰ সলনি দেশলৈ উভতি আহি বাংগালুৰুস্থিত এন চি এত নিজকে সুস্থ কৰাৰ চেষ্টা চলাই আছে৷