নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্ৰেলিয়াৰে ৰোহিতৰ বেটিঙৰ সময়ত হটষ্টাৰত দৰ্শকৰ অভিলেখ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ জুনঃ বেটিং কৰি অভিলেখ ভংগ কৰাৰ বাবে পৰিচিত ৰোহিত শৰ্মা। হিটমেন নামেৰে পৰিচিত ভাৰতীয় অধিনায়কগৰাকীয়ে প্ৰায়ে চাৰি আৰু ছয় মাৰি কিছু অভিলেখ গঢ়ি তোলে বা ভংগ কৰে যদিও এইবাৰ টি-২০ বিশ্বকাপ ২০২৪ত ৰোহিতে দৰ্শকৰ সংখ্যাৰ সকলো অভিলেখ ভংগ কৰে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছুপাৰ-৮ৰ খেলখনত ৰোহিত শৰ্মাই আচৰিত ধৰণৰ ৰূপত দেখা দিছিল, যাৰ বাবে তেওঁ দৰ্শকৰ সংখ্যাৰ ক্ষেত্ৰত এক নতুন অভিলেখ গঢ়িছিল। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলখনত ৰোহিত শৰ্মাই টি-২০ বিশ্বকাপৰ দ্ৰুততম শতক অৰ্জন কৰিব নোৱাৰিলেও বেটিং কৰাৰ সময়ত দৰ্শকৰ সংখ্যাৰ এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। দৰাচলতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলখনত যেতিয়া ৰোহিত শৰ্মাই দুৰ্দান্ত বেটিং কৰি আছিল, তেতিয়া হটষ্টাৰত ৩.১ কোটি লোকে লাইভ চাই আছিল। এই বিশ্বকাপত এতিয়ালৈকে দৰ্শকৰ সংখ্যাৰ হিচাপত এই সংখ্যা সৰ্বাধিক। ইয়াৰ পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে খেলা মেচখনত যেতিয়া ঋষভ পণ্টে বেটিং কৰি আছিল, তেতিয়া প্ৰায় ২.৮ কোটি লোকে চাই আছিল। উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছুপাৰ-৮ মেচত ৰোহিত শৰ্মাই নিজৰ বিস্ফোৰক বেটিঙেৰে উজলিছিল। ভাৰতীয় অধিনায়কগৰাকীয়ে ৭টা চাৰি আৰু ৮টা ছয়ৰ সহায়ত ৪১টা বলত ৯২ ৰান সংগ্ৰহ কৰিছিল। এই সময়ছোৱাত ৰোহিতে শতকবঞ্চিত হৈছিল। ৰোহিত শৰ্মাৰ সন্মুখত সম্পূৰ্ণ অসহায় হৈ পৰিছিল অষ্ট্ৰেলিয়াৰ বলাৰ। উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি এই বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছিল টীম ইণ্ডিয়াই। অষ্ট্ৰেলিয়াৰ খেলখনত টীম ইণ্ডিয়াই ছুপাৰ-৮ৰ ক্ৰমাগত তৃতীয়টো জয় লাভ কৰিছিল। অষ্ট্ৰেলিয়াৰ পূৰ্বে ভাৰতে ছুপাৰ-৮ত আফগানিস্তান আৰু বাংলাদেশক পৰাস্ত কৰিছিল। ইয়াৰ পূৰ্বে গ্ৰুপ পৰ্যায়ৰ আটাইকেইখন খেলতে ভাৰতে জয়লাভ কৰিছিল। ছেমিফাইনেলত প্ৰৱেশৰ ক্ষেত্ৰত টীম ইণ্ডিয়াই এখনো মেচত পৰাস্ত হোৱা নাই। এতিয়া ভাৰতৰ ছেমিফাইনেল মেচ ২৭ জুনত ইংলেণ্ডৰ বিৰুদ্ধে হ’ব।

You might also like