১০ বছৰৰ পিছত প্রথম শ্রেণীৰ ৰঞ্জি খেলিব ৰোহিতে
🔹 আজিংক্য ৰাহানেৰ দলৰ হৈ খেলিব টীম ইণ্ডিয়াৰ অধিনায়কে
নিউজ ডেস্ক, ১৯ জানুৱাৰী : সুদীর্ঘ ১০ বছৰৰ পিছত মুম্বাইৰ হৈ ৰঞ্জি ট্ৰফীত খেলিব ৰোহিত শর্মাই৷ ২৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া ৰঞ্জি ট্রফীৰ মেচখনত মুম্বায়ে জম্মু–কাশ্মীৰৰ মুখামুখি হ’ব৷ উক্ত মেচখনত টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই আজিংক্য ৰাহানেৰ দলৰ হৈ খেলিব৷ কিছুদিন পূর্বে ৰোহিতে মুম্বাই দলৰ সৈতে প্রশিক্ষণ আৰম্ভ কৰিছিল৷ শনিবাৰে ভাৰতৰ চেম্পিয়নছ ট্ৰফী দল ঘোষণাৰ সময়ত তেওঁ এটা প্রশ্ণৰ উত্তৰ দি মুম্বাইৰ হৈ পৰৱর্তী ৰঞ্জি ট্ৰফী মেচ খেলিব বুলি কয়৷ মন কৰিবলগীয়া যে ২০১৫ চনৰ পিছত এইখন হ’ব তেওঁৰ প্রথমখন ৰঞ্জি মেচ৷ প্রায় ১০ বছৰৰ পাছত পুনৰ প্রথম শ্রেণীৰ ক্রিকেটত দেখা পোৱা যাব ৰোহিত শর্মাক৷