নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি কেংগাৰু বাহিনীৰ সন্মুখত ৰোহিতৰ দল

🔹 বিশ্বকাপ ফাইনেলৰ প্ৰতিশোধ ল’বলৈ সাজু ভাৰত

বিশেষ বাৰ্তা, ২৪ জুন : যোৱা বছৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত অষ্ট্রেলিয়াৰ হাতত পৰাজিত হোৱাৰ প্ৰতিশোধ ল’বলৈ সাজু হৈছে ভাৰত ৷ আজি সন্ধিয়া অনুষ্ঠিতব্য মেচখনত অষ্ট্রেলিয়াক পৰাস্ত কৰি ৰোহিত বাহিনীয়ে পোতক তোলাৰ পূৰ্ণ সুযোগ পাব। লগতে অষ্ট্রেলিয়াক হৰুৱাই ভাৰতীয় দলটোৱে ছেমিফাইনেলত নিজৰ স্থান নিগাজি কৰিব বিচাৰিছে৷ আফগানিস্তানৰ বিৰুদ্ধে পৰাজিত হোৱাৰ পাছত তীব্র চাপৰ মাজত থকা অষ্ট্রেলিয়ান অধিনায়কগৰাকীয়ে কয়- অত্যন্ত ভাল ক্রিকেট খেলিছে আফগানিস্তানে৷ আমি কোনোফালৰ পৰাই তেওঁলোকৰ সমকক্ষ হ’ব নোৱাৰিলোঁ৷ উল্লেখ্য যে কালি আফগানিস্তানৰ হাতত অষ্ট্রেলিয়া পৰাজিত হোৱাৰ লগে লগে কঠিন হৈ পৰিল গ্রুপৰ সমীকৰণ৷ ভাৰতৰ লগতে অষ্ট্রেলিয়া, আফগানিস্তানৰো অন্তিম চাৰিত প্রৱেশৰ পথ প্রশস্ত হৈ আছে৷ আটাইকেইটা দলে দুখনকৈ মেচ খেলিছে যদিও এইপর্যন্ত চাৰি পইণ্টেৰে শীর্ষত আছে ভাৰত৷ দ্বিতীয় আৰু তৃতীয় স্থানত থকা অষ্ট্রেলিয়া আৰু আফগানিস্তানৰ পইণ্টৰ সংখ্যা দুই৷ বাংলাদেশৰ পইণ্ট শূন্য৷ আজি ভাৰত বিজয়ী হ’লে ছয় পইণ্টেৰে ছেমিফাইনেলত প্রৱেশ কৰিব৷ কিন্তু পৰাজিত হ’লে ভাৰতে আফগানিস্তান আৰু বাংলাদেশৰ মেচখনৰ ফলাফললৈ অপেক্ষা কৰিব লাগিব৷

You might also like