জয়ৰ ধাৰা অব্যাহত ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ
🔹 ৫০ ৰানত পৰাস্ত চেন্নাই ছুপাৰ কিংছ
নিউজ ডেস্ক, ২৯ মার্চ : চলিত আইপিএলত জয়ৰ ধাৰা অব্যাহত আছে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ৷ প্রতিযোগিতাখনৰ চেন্নাইত অনুষ্ঠিত মেচখনত আৰচিবিয়ে ঘৰুৱা দল চেন্নাই ছুপাৰ কিংছক ৫০ ৰানত পৰাস্ত কৰে৷ মন কৰিবলগীয়া যে আৰচিবিয়ে এতিয়ালৈকে দুখন মেচ খেলি দুয়োখনতে জয়ৰ সোৱাদ লাভ কৰিছে৷ ইফালে, চেন্নায়ে দুখন মেচ খেলি এখনত জয় আৰু এখনত পৰাজয়ৰ সন্মুখীন হৈছে৷ মেচখনত বেংগালুৰুৱে জয়ৰ বাবে বান্ধি দিয়া ১৯৭ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰ ৰাচিন ৰবীন্দ্রৰ সর্বাধিক ৪১ ৰানৰ সহায়ত চেন্নাই ছুপাৰ কিংছে নির্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৪৬ ৰান সংগ্রহ কৰে৷ শেষৰপিনে মহেন্দ্র সিং ধোনীয়ে ১৬ বলত তিনিটা চাৰি আৰু দুটা ছয়েৰে ৩০ ৰান কৰি অপৰাজিত হৈ থাকে৷ ৰবীন্দ্র জাদেজাই ২৫, শিৱম ডুবেই ১৯ আৰু ৰবিচন্দ্রন অশ্বিনে ১১ ৰানৰ অৱদান আগবঢ়ায়৷ দলটোৰ চাৰিগৰাকীকৈ আগশাৰীৰ বেটাৰে দহকৰ ঘৰ স্পর্শ কৰাত ব্যর্থ হয়৷ অ’পেনাৰ ৰাহুল ত্রিপাঠীয়ে ৫, অধিনায়ক ৰুতুৰাজ গাইকোৱাডে ০, দীপক হুদাই ৪ আৰু ছেম কৰণে ৮ ৰানৰহে অৱদান আগবঢ়ায়৷ বেংগালুৰুৰ হৈ জ’ছ হেজলউডে সর্বাধিক তিনিটা উইকেট লাভ কৰাৰ লগতে য়শ দয়াল আৰু লিয়াম লিভিংষ্টন উভয়ে দুটাকৈ তথা ভুবনেশ্বৰ কুমাৰে এটা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি অধিনায়ক ৰজত পাটিদাৰৰ সময়োপযোগী অর্ধশতকৰ সহায়ত ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে নির্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৯৬ ৰান সংগ্রহ কৰে৷ ফিল ছল্ট আৰু বিৰাট কোহলিয়ে ইনিংছ মুকলি কৰিবলৈ আহি প্রথম উইকেটৰ যুটিত ৪৫ ৰান সংগ্রহ কৰাৰ সময়তে ছল্ট পেভিলিয়নমুখী হয়৷ আক্রমণাত্মক বেটিং দাঙি ধৰি ছল্টে ১৬টা বলত ৫টা চাৰি আৰু এটা ছয়েৰে ৩২ ৰানৰ অৰিহণা আগবঢ়ায়৷ ইফালে, ছল্ট আউট হোৱাৰ পাছত ৩১ ৰানত পেভিলিয়নমুখী হোৱা বিৰাট কোহলিয়ে দেৱদূত পাড়িকালৰ সৈতে দ্বিতীয় উইকেটত ৩১ ৰান সংগ্রহ কৰাৰ সময়তে পাড়িকালে বিদায় লয়৷ ১৪টা বলত ২৭ ৰানৰ অৱদান আগবঢ়ায় পাড়িকালে৷ কোহলিয়ে অধিনায়ক পাটিদাৰৰ সৈতে তৃতীয় উইকেটত ৪১ ৰান সংগ্রহ কৰে৷ অধিনায়ক পাটিদাৰে ৩২টা বলত চাৰিটা চাৰি আৰু তিনিটা ছয়েৰে ৫১ ৰানৰ দর্শনীয় ইনিংছ খেলি দলক কিছু সবল স্থিতিত উপনীত কৰায়৷ শেষৰ পিনে টিম ডেভিদে ৮টা বলত এটা চাৰি আৰু তিনিটা ছয়েৰে অপৰাজিতভাৱে ২২ ৰান কৰি দলক সবল স্থিতিত উপনীত কৰায়৷ লিভিংষ্টনে ১০ আৰু জিতেশ শর্মাই ১২ ৰানৰ অৱদান আগবঢ়ায়৷ চেন্নাই ছুপাৰ কিংছৰ হৈ নুৰ আহমেদে সর্বাধিক তিনিটা উইকেট লাভ কৰাৰ লগতে মাথীছা পাথিৰানাই দুটা, খলিল আহমেদ আৰু ৰবিচন্দ্রন অশ্বিন উভয়ে এটাকৈ উইকেট লাভ কৰে৷