শুৱালকুছিৰ মহাবীৰ লাচিত কাপ ফুটবলত চেম্পিয়ন ৰূপকোঁৱৰ একাডেমী
বিশেষ বাৰ্তা, ১০ ফ্ৰেব্ৰুৱাৰীঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, কামৰূপ জিলা সমিতিৰ উদ্যোগত শুৱালকুছি বালিচৰত অনুষ্ঠিত মহাবীৰ লাচিত ক্লাব আন্তঃমহাবিদ্যালয় ফুটবল প্ৰতিযোগিতাত চাংসাৰিৰ ৰূপকোৱৰ একাডেমীয়ে চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে৷ প্ৰতিযোগিতাৰ ফাইনেল খেলত ৰূপকোঁৱৰ একাডেমিৰ ৰোহিত হেমব্ৰমে দিয়া একমাত্ৰ গলৰ ব্যৱধান শুৱালকুছি মহাবিদ্যালয়ক পৰাস্ত কৰে৷ প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ক্ৰীড়া সংগঠক অনিল চন্দ্ৰ বৈশ্যই৷ বন্তি প্ৰজ্বলন কৰে সত্ৰাধিকাৰ ৰাজীৱ লোচন সন্তই৷ উপস্থিত থাকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ৰাষ্ট্ৰীয় সহ: সংযোজক, ৰাজ্যিক বিশ্ববিদ্যালয় ভৱতীৰ্থ গোস্বামী আৰু কামৰূপ জিলাৰ সাংগঠনিক সম্পাদক শিৱানন কটকী৷ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়, পূৱ কামৰূপ কলেজ, দক্ষিণ কামৰূপ মহাবিদ্যালয়, দমদমা মহাবিদ্যালয়, ৰূপকোঁৱৰ একাডেমী আৰু ৰামানুজন একাডেমীয়ে৷ ফাইনেল খেলৰ অন্তত বটাঁ প্ৰদান কৰে অনুসুচিত জাতি মৰ্চা বিজেপিৰ প্ৰদেশ সমিতিৰ উপ সভাপতি প্ৰকাশ দাস, বিশিষ্ট নাগৰিক ড°কেশৱ কলিতা, উদীয়মান সমাজকৰ্মী ৰাজিৱ দাস, যুৱনেতা দিবাকৰ কলিতা, প্ৰাক্তন ফুটবল খেলুৱৈ প্ৰশান্ত ভৰালী, এবিভিবিৰ শিৱ শৰ্মা প্ৰমুখ্যে কাৰ্যকৰ্তা আৰু কৰ্মীসকল৷ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে বিজয়ী দলৰ আয়ুস ছেত্ৰী আৰু শ্ৰেষ্ঠ গোলকীপাৰৰ সন্মান লাভ কৰে বিজেতা দলৰ ভৃগুজ্যোতি দাসে ৷ দুয়োটা দলকে ট্ৰফী, মেদেল আৰু নগদ ধন প্ৰদান কৰা হয়৷
প্ৰেৰক দিলীপ মেধি