নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেমেৰাতে বাৰ্তা লিখিলে টেনিছ তাৰকা আণ্ড্ৰে ৰুবলেভে

বিশেষ বাৰ্তা, ২৬ফেব্ৰুৱাৰীঃ খেল পথাৰৰ পৰা ভাইৰেল হৈছে ভিডিঅ’ৰ অংশ এটা। No war please…কেমেৰাতে এই বাৰ্তা লিখি যুদ্ধৰ বিৰোধে অৱস্থান ল’লে ৰাছিয়াৰ জনপ্ৰিয় টেনিছ তাৰকা আণ্ড্ৰে ৰুবলেভে। ডুবাইত চলি থকা টেনিছ চেম্পিয়নশ্বিপত ছেমি ফাইনেল মেছ এখন জিকি ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বিৰুদ্ধে কেমেৰাত মাৰ্কাৰেৰে এই বাৰ্তা লিখিলে খেলুৱৈগৰাকীয়ে। বিশ্বৰ সপ্তম ৰাছিয়ান টেনিছ খেলুৱৈগৰাকীয়ে তেওঁৰ এই ক্ষুদ্ৰ বাৰ্তাটোৰে শান্তিৰ আহ্বান জনালে।

&

;

কালিৰ এই জয়েৰে তেওঁ ডুবাই টেনিছ চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিলে। খেলৰ এদিন পূৰ্বে ২৪ বছৰীয়া তাৰকা খেলুৱৈগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল যে এই সময়ত তেওঁৰ বাবে খেলখন ডাঙৰ কথা হৈ থকা নাই। এই ভয়ংকৰ পৰিস্থিতিত শান্তিহে মূল কথা। বৰ্তমানে ৰাছিয়া আৰু ইউক্ৰেইনৰ বহু খেলুৱৈয়ে যুদ্ধৰ বিৰুদ্ধে অৱস্থান লৈ শান্তিৰ আহ্বান জনাইছে।

You might also like