নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি-২০ ক্ৰিকেটত অনন্য অভিলেখ ৰুতুৰাজ গাইকোৱাডৰ

বিশেষ বাৰ্তা, ৪ ডিচেম্বৰঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ ছিৰিজৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে ৰুতুৰাজ গাইকৱাড। তেওঁ ভাৰতৰ আন তাৰকাৰ লগতে বিশ্বৰ সকলো তাৰকাক অতিক্ৰম কৰিছে। গাইকোৱাডে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫খন টি-২০ মেচত গড়ে ৫৫.৭৫ আৰু ষ্ট্ৰাইক ৰেট ১৫৯.২৯ৰে মুঠ ২২৩ ৰান সংগ্ৰহ কৰিছে, য’ত ১২৩ ৰানৰ অপৰাজিত শতকো আছে। ক্ৰিকেটৰ ইতিহাসত নিউজিলেণ্ডৰ মাৰ্টিন গুপটিলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ ফৰ্মেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰিছিল যদিও ৰুতুৰাজেও তেওঁক অতিক্ৰম কৰিছে। এইবোৰৰ বাহিৰেও ভাৰতৰ এই যুৱ বেটছমেনে এই তালিকাত বিৰাট কোহলি আৰু ডেভন কনৱেকো অতিক্ৰম কৰিছে। টি-২০ ছিৰিজত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈ হিচাপে তালিকাৰ শীৰ্ষ তাৰকাসকল ক্ৰমে ৰুতুৰাজ গাইকোৱাড (২২৩), মাৰ্টিন গুপটিল (২১৮), বিৰাট কোহলি (১৯৯) আৰু ডেভন কনৱে (১৯২)। ভাৰতৰ হৈ একক টি-২০ শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ বিৰাট কোহলিৰ নামত আছে যদিও অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ঋতুৰাজ গাইকোৱাডে তেওঁৰ ঠিক পিছতে স্থান লাভ কৰিছে। এই তালিকাত বিৰাট কোহলিৰ নাম আগস্থানত আছে, তাৰ পিছতে কে এল ৰাহুল আৰু তাৰ পিছত ঋতুৰাজ গাইকোৱাড। এই তিনিগৰাকী খেলুৱৈয়ে ৫খন খেলৰ টি-২০ ছিৰিজত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। সেই অনুসৰি বিৰাট কোহলিয়ে ইংলেণ্ডৰ বিৰুদ্ধে ২৩১ ৰান, কে এল ৰাহুলে নিউজিলেণ্ডৰ বিৰুদ্ধে ২২৪ ৰান আৰু ৰুতুৰাজ গাইকোৱাডে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২২৩ ৰান। এই সকলোবোৰ অভিলেখৰ বাহিৰেও এইগৰাকী ভাৰতীয় যুৱ বেটছমেন ঋতুৰাজ গাইকোৱাডে আন এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। টি-২০ৰ সকলো ফৰ্মেটতে ৪০০০ ৰান সম্পূৰ্ণ কৰা সৰ্বাধিক দ্ৰুত ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে। ২৬ বছৰীয়া এইগৰাকী খেলুৱৈয়ে টি-২০ ক্ৰিকেটত মুঠ ১২২খন খেল খেলিছে। এই মেচসমূহৰ ১১৭খন ইনিংছত গড়ে ৩৮.৪২ আৰু ষ্ট্ৰাইক ৰেট ১৩৮.৮৯ত মুঠ ৪০৩৫ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত ৰুতুৰাজে ৫টা শতক আৰু ২৭টা অৰ্ধশতক অৰ্জন কৰাৰ বিপৰীতে তেওঁৰ শ্ৰেষ্ঠ ইনিংছ হৈছে ১২৩টা নট আউট, যিটো তেওঁ এই শৃংখলাৰ তৃতীয়খন মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছিল।

#বাৰ্তা ডেস্ক

You might also like