নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় দলত স্থান লাভৰ সম্ভাৱনা ৰিয়ান পৰাগৰ

🔹 জিম্বাব’ৱেৰে পাঁচখনীয়া টি–২০ মেচৰ শৃংখলা

বিশেষ বাৰ্তা, ১৮ জুন : অসমৰ চাঞ্চল্যকৰ বেটাৰ ৰিয়ান পৰাগে অচিৰেই ভাৰতীয় ক্রিকেট দলটোত স্থান লাভ কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ অহা মাহত টীম ইণ্ডিয়াই ৫খন টি–২০ মেচত ভাগ লোৱাৰ উদ্দেশ্যে জিম্বাব’ৱে ভ্রমণ কৰিব৷ উক্ত শৃংখলাটোলৈ এতিয়ালৈকে ভাৰতীয় দলটো ঘোষণা কৰা নাই যদিও জিম্বাব’ৱে ভ্রমণত অসম-সন্তান ৰিয়ান পৰাগৰ লগতে ভেংকটেশ আয়াৰে ভাৰতীয় দলটোত স্থান লাভ কৰাৰ অধিক সম্ভাৱনা আছে৷ দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক টি–২০ শৃংখলাটো ৬ জুলাইৰ পৰা হাৰাৰেত অনুষ্ঠিত হ’ব৷ জিম্বাব’ৱেৰে খেলিবলগীয়া টি–২০ শৃংখলাটোত ৰিয়ান পৰাগে ভাৰতীয় দলটোত স্থান লাভ কৰা সন্দর্ভত এতিয়ালৈকে কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই অসম ক্রিকেট সন্থাই৷ উল্লেখ্য যে ৰাজস্থান ৰয়েলছৰ তাৰকা অলৰাউণ্ডাৰ ৰিয়ান পৰাগ আৰু কলকাতা নাইট ৰাইর্ডাছৰ ভেংকটেশ আয়াৰে সদ্যসমাপ্ত আইপিএলত দুর্দান্ত প্রদর্শন দাঙি ধৰি ভাৰতীয় দলটোৰ নির্বাচক মণ্ডলীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল৷ সদ্য সমাপ্ত আইপিএলত ৰিয়ানে ১৫খন মেচ খেলি ৫৭৩ ৰান কৰাৰ বিপৰীতে ভেংকটেশে ১৪খন মেচত ৩৭০ ৰান কৰিবলৈ সক্ষম হৈছিল৷ আইপিএলত দাঙি ধৰা দৃষ্টিনন্দন প্রদর্শনৰ বাবে ৰিয়ান পৰাগ আৰু ভেংকটেশ আয়াৰক নির্বাচক মণ্ডলীয়ে আগন্তুক জিম্বাব’ৱে ভ্রমণত ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰাৰ অধিক সম্ভাৱনা আছে৷

You might also like