নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিয়ান পৰাগ পিউমাৰ নতুন ব্রেণ্ড এম্বেছাডৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ জুলাইঃ ভাৰত তথা অসমৰ ক্রীড়া ক্ষেত্রৰ বাবে ১ জুলাই গুৰুত্বপূর্ণ দিন৷ আন্তর্জাতিক ক্রীড়া সামগ্রীৰ প্রখ্যাত কোম্পানী পিউমাই ২০২৪ চনৰ ১ জুলাইৰ দিনটোত অসম সন্তান ৰিয়ান পৰাগক পিউমা ইণ্ডিয়াৰ ব্রেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি দিছে৷ ৰিয়ান পৰাগৰ লগতে ভাৰতৰ আন এগৰাকী প্রতিভাসম্পন্ন ক্রিকেটাৰ নীতিশ কুমাৰ ৰেড্ডীকো পিউমা ইণ্ডিয়াৰ ব্রেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি দিছে৷ পিউমা ইণ্ডিয়াই জেনেৰেচন জেদ গ্রাহকক অধিক আকর্ষিত কৰাৰ উদ্দেশ্যে সম্প্রতি দেশৰ দুই চর্চিত প্রতিভাৱান ক্রিকেট দুগৰাকীক ব্রেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে পিউমা ইণ্ডিয়াই৷ পিউমা ইণ্ডিয়াৰ ব্রেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি লাভ কৰাৰ পিছত অসম সন্তান ৰিয়ান পৰাগে কয়– পিউমাত যোগদান কৰাটো এক অতুলনীয় সন্মান৷ ক্রীড়াৰ প্রতি পিউমাৰ নিষ্ঠা আৰু তেওঁলোকৰ উৎকৃষ্টতাৰ সন্ধানক মই সদায় প্রশংসা কৰি আহিছোঁ৷ প্রদর্শন আৰু উদ্ভাৱনক চেম্পিয়ন কৰা ব্রেণ্ডৰ অংশ হোৱাটো সঁচাকৈয়ে প্রেৰণাদায়ক৷ মই পিউমাক প্রতিনিধিত্ব কৰি উৎসাহিত হৈছোঁ আৰু মই আশা কৰিছোঁ, যুৱ ক্রিকেটাৰসকলে তেওঁলোকৰ আৱেগক অনুসৰণ কৰিবলৈ প্রেৰণা যোগাব৷ মন কৰিবলগীয়া যে অসমৰ প্রথমগৰাকী ক্রিকেটাৰ হিচাপে বাণিজ্যিক বিজ্ঞাপনত খোজ পেলালে ৰিয়ান পৰাগে৷ সদ্যসমাপ্ত আইপিএলত দাঙি ধৰা দুর্দান্ত প্রদর্শনৰ বাবেই ভাৰতীয় দলত স্থান লাভ কৰি অসমক গৌৰৱান্বিত কৰিছে ৰিয়ান পৰাগে৷ সম্প্রতি জিম্বাব’ৱে ভ্রমণৰত ভাৰতীয় দলটোত স্থান লাভ কৰি অসমৰ প্রথমগৰাকী পুৰুষ ক্রিকেটাৰ হিচাপে অভিলেখ গঢ়িছে ৰিয়ান পৰাগে৷ সদ্যসমাপ্ত আইপিএলত ৰাজস্থান ৰয়েলছৰ হৈ সর্বাধিক ৰান কৰা ২২ বছৰীয়া অলৰাউণ্ডাৰগৰাকীয়ে ২০১৮ চনৰ ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপৰ চেম্পিয়ন ভাৰতীয় দলটোৰো সদস্য আছিল৷ আনহাতে নীতিশ কুমাৰ ৰেড্ডীয়ে কয়– পিউমাৰ সৈতে জড়িত হোৱাটো মোৰ বাবে এক ডাঙৰ মাইলৰ খুঁটি আৰু মই খেলপথাৰৰ ভিতৰত আৰু বাহিৰত ক্রীড়া বেণ্ডটোক প্রতিনিধিত্ব কৰিবলৈ আগ্রহী৷ মই বিশ্বাস কৰোঁ যে ৰিয়ান পৰাগৰ সৈতে একেলগে কাম কৰি পৰৱর্তী প্রজন্মৰ খেলুৱৈসকলক আৱেগ আৰু দায়বদ্ধতাৰে তেওঁলোকৰ সপোন অনুসৰণ কৰিবলৈ অনুপ্রাণিত কৰিব পাৰিম৷ উল্লেখ্য যে ইয়াৰ পূর্বে টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলি, তাৰকা পেচবলাৰ মহম্মদ ছামি, ভাৰতীয় মহিলা ক্রিকেট দলটোৰ অধিনায়িকা হৰমনপ্রীত কৌৰ, দেশৰ কিংবদন্তি মহিলা বক্সাৰ এম চি মেৰিকম, পেৰালিম্পিয়ান অৱনী লাখেৰা, বলীউডৰ মোহময়ী অভিনেত্রী কৰীণা কাপুৰ, বলীউডৰ প্রতিভাৱান তাৰকা ইব্রাহিম আলী খান আৰু ছানায়া কাপুৰক পিউমা ইণ্ডিয়াৰ ব্রেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হৈছিল৷

You might also like