আইপিএলত ১৪ কোটি টকাৰে ৰাজস্থান ৰয়েলছতে থাকিব ৰিয়ান পৰাগ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১ নৱেম্বৰঃ আইপিএলৰ নিলামৰ পূর্বে দলসমূহে ধৰি ৰখা ক্রিকেটাৰসকলৰ তালিকা ঘোষণা কৰিছে৷ সেই অনুসৰি, মুঠ ৪৬গৰাকী ক্রিকেটাৰক নিজ দলতে ৰাখিছে ১০টা দলে৷ তেওঁলোকৰ ভিতৰত ১৪গৰাকীৰ দাম যোৱাবাৰৰ তুলনাত বৃদ্ধি পাইছে আৰু চাৰিজনৰ দাম হ্রাস পাইছে৷ আনহাতে, দুগৰাকী ক্রিকেটাৰৰ দৰ যোৱাবাৰৰ সমানে আছে৷ আইপিএলত দাম বৃদ্ধি পোৱা ক্রিকেটাৰসকলৰ ভিতৰত আছে বিৰাট কোহলি, ৰোহিত শর্মা, হার্দিক পাণ্ডিয়া, যশপ্রীত বুমৰাহ, সূর্যকুমাৰ যাদৱ, ৰিংকু সিং আৰু অসম সন্তান ৰিয়ান পৰাগৰ লগতে বহুসংখ্যক ক্রিকেটাৰ৷ আনহাতে, দাম হ্রাস পাইছে প্রাক্তন তাৰকা মহেন্দ্র সিং ধোনীৰ৷ দীপাৱলীৰ সময়তে অসমৰ ক্রিকেট অনুৰাগীৰ বাবে সুখবৰটো হৈছে আইপিএলত ৰাজস্থান ৰয়েলছৰ হৈ খেলি অহা অসমৰ যুৱ তাৰকা ৰিয়ান পৰাগৰ দৰবৃদ্ধি৷ যোৱা বছৰ ৩ কোটি ৮০ লাখ টকাত ৰাজস্থানৰ হৈ খেলা ৰিয়ানক এইবাৰ দলটোৱে ১৪ কোটি টকাত ধৰি ৰাখিছে৷ দলটোত থকা সঞ্জু ছেমছন আৰু যশস্বী জয়ছোৱালক ১৮ কোটিকৈ টকা দিয়া হৈছে৷ আনহাতে, ৰিয়ানৰ লগতে ধ্রুৱ জুৰেলক ১৪ কোটিকৈ টকাত ধৰি ৰাখিছে৷ যোৱা বছৰ জুৰেলে মাত্র ২০ লাখ টকাত খেলিছিল৷ আজি ঘোষণা কৰা তালিকা অনুসৰি, কলকাতা নাইট ৰাইডার্ছৰ ৰিংকু সিঙে সর্বাধিক ১৩ কোটি টকা লাভ কৰিছে৷ চেন্নাইৰ ঋতুৰাজ গাইকোৱাড আৰু ৰবীন্দ্র জাদেজাক ১৮ কোটিকৈ টকাত ধৰি ৰখাৰ বিপৰীতে ধোনীক ৰখা হৈছে ৪ কোটি টকাত৷ ৰয়েল ছেলেঞ্জার্ছ বেংগালুৰুত যোৱাবাৰ ১৫ কোটিত খেলা কোহলিক ২১ কোটিত ধৰি ৰখা হৈছে৷ একেদৰে মুম্বাই ইণ্ডিয়ানছত যশপ্রীত বুমৰাহক ১৮ কোটি, হার্দিক পাণ্ডিয়াক ১৬.৩৫ কোটি, সূর্যকুমাৰক ১৬.৩৫ কোটি, ৰোহিত শর্মাক ১৬.৩০ কোটিত ধৰি ৰাখিছে৷ দিল্লী কেপিটেলছত অক্ষৰ পেটেলক ১৬.৫০ কোটি, কুলদীপ যাদৱক ১৩.২৫ কোটি টকাত পুনৰ দলত ৰখা হৈছে৷ আনহাতে, পঞ্জাব কিংছত শশাংক সিঙক ৫.৫০ কোটি আৰু প্রভছিমৰণ সিঙক ৪ কোটি টকাত ধৰি ৰখা হৈছে৷ ছানৰাইজার্ছ হায়দৰাবাদত হেনৰিখ ক্লাছেনক সর্বাধিক ২৩ কোটিত, পেট কামিনছক ১৮ কোটি টকাত দলত ধৰি ৰাখিছে৷