ৰিয়ানৰ বেটিং দক্ষতাক প্রশংসা প্রশিক্ষক ৰাহুল দ্রাবিড়ৰ
🔹 ৰিয়ান দলে ভৰসা কৰিব পৰা বেটাৰ
নিউজ ডেস্ক, ৩০ মার্চ : ‘অধিনায়ক হিচাপে ৰিয়ানৰ দক্ষতাক মই প্রশংসা কৰিম৷ আকস্মিকভাৱে তেওঁ দলক নেতৃত্ব দিব লগা হৈছে৷ কিন্তু দলক খেলপথাৰত প্রত্যাশা অনুসৰিয়ে পৰিচালনা কৰিছে ৰিয়ানে৷ প্রথম মেচখন তেওঁৰ বাবে স্বাভাৱিকতে প্রত্যাহ্বান আছিল৷ কিন্তু অধিনায়ক হিচাপে এবাৰো তেওঁ চাপৰ সন্মুখীন হোৱাটো খেলপথাৰত দেখুওৱা নাছিল৷ এয়াই দৃঢ়তা৷ আনহাতে, কেকেআৰৰ বিৰুদ্ধে পাৱাৰ প্লে’ত তেওঁ দক্ষতাৰে বলাৰৰ সংমিশ্রণ কৰি বিপক্ষৰ বেটাৰক বান্ধি ৰাখিছিল৷ মেচৰ পৰাজয়ৰ বাবে দলৰ অধিনায়কক সমালোচনা কৰাটো সমীচিন নহয়৷ জয়লাভ নকৰিলেও সামগ্রিকভাৱে দলে ছিজনৰ আৰম্ভণিৰ প্রদর্শন ভালদৰে কৰিছে৷ এতিয়া আমাৰ লক্ষ্য যি দহ শতাংশ কাম দলে কৰিব আছে, সেয়া সম্পূর্ণ কৰি পৰৱৰ্তী মেচত শ্রেষ্ঠ প্রদর্শনেৰে জয়লাভ অর্জন কৰা৷’ এই মন্তব্য ৰাজস্থান ৰয়েলছৰ মুখ্য প্রশিক্ষক ৰাহুল দ্রাবিড়ৰ৷ গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত আজি ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ছিজনৰ তৃতীয় তথা দ্বিতীয়খন ঘৰুৱা মেচত অংশ ল’ব৷ কালি সংবাদ মেলত অংশ লৈ দলটোৰ মুখ্য প্রশিক্ষক দ্রাবিড়ে গুৰুত্বপূর্ণ মেচখনত স্পীনাৰৰ ভূমিকা নির্ণায়ক হ’ব বুলিও উল্লেখ কৰে৷ অৱশ্যে দলৰ মূল একাদশ সালসলনিৰ প্রশ্ণৰ উত্তৰ দি টীম ইণ্ডিয়াৰ প্রাক্তন প্রশিক্ষকগৰাকীয়ে জনায় যে উইকেট নিৰীক্ষণ কৰিহে সেয়া সিদ্ধান্ত লোৱা হ’ব৷ আনহাতে, প্রথমে বেটিং বা বলিং কৰাৰ সুবিধা কোনো দলৰে ক্ষেত্রত নাই বুলি তেওঁ কয়৷ ‘আমি ভাবিছিলোঁ- গুৱাহাটীত নিয়ৰৰ প্রভাৱ খেলত পৰিব৷ কিন্তু প্রথম মেচত সেয়া দেখা নগ’ল৷ যাৰ বাবে টছত জয়–পৰাজয়টো নির্ণায়ক নহয়৷ কিন্তু ১৬০ৰ অধিক ৰান কৰাটো, লগতে ইনিংছৰ মধ্যভাগত স্পীনাৰে উইকেট লোৱাটো প্রয়োজন’- দ্রাবিড়ে কয়৷ ইফালে, অসম-সন্তান ৰিয়ানৰ বেটিং দক্ষতাক প্রশংসা কৰি দ্রাবিড়ে কয়- ‘আমি ৰিয়ানক এইবাৰ তিনি নম্বৰ স্থানত খেলাইছোঁ৷ ইয়াৰ কাৰণ হ’ল তেওঁৰ দৃঢ়তা আৰু ইনিংছ আগুৱাহ নিয়াৰ দক্ষতা৷ ৰিয়ান দলে ভৰসা কৰিব পৰা বেটাৰ৷ যদিও আমাৰ দলটো নৱাগত ক্রিকেটাৰেৰে গঠিত, কিন্তু আটাইকেইগৰাকী প্রতিভাৱান৷ যিকোনো পৰিস্থিতিত মেচ সলনি কৰাৰ ক্ষমতা আছে৷ যোৱা মেচতো আর্চাৰে ভাল ৰান কৰিছে৷’