আইপিএলত ক্রমাগত চতুর্থ পৰাজয় ৰিয়ান বাহিনীৰ
🔹 ২ ৰানত ৰোমাঞ্চকৰ জয় লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ
নিউজ ডেস্ক, ২০ এপ্রিল : ৰাজস্থান ৰয়েলছৰ চলিত আইপিএলত পৰাজয়ৰ ধাৰা অব্যাহত আছে৷ কালি জয়পুৰত অনুষ্ঠিত মেচখনত ঘৰুৱা দলটোৱে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হাতত মাত্র দুই ৰানত পৰাস্ত হয়৷ ক্রমাগত চতুর্থ পৰাজয়ৰে প্রতিযোগিতাখনৰ প্লে’ অফত প্রৱেশ কৰাৰ আশা প্রায় নির্বাপণ হয় ৰাজস্থানৰ৷ মেচখনত লক্ষ্ণৌৱে জয়ৰ বাবে বান্ধি দিয়া ১৮১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি জয়ছোৱালৰ দর্শনীয় ৭৪, ৰিয়ান পৰাগৰ ৩৯ আৰু নৱাগত বৈভৱ সূর্যবংশীৰ ৩৪ ৰানৰ সহায়ত ৰাজস্থানে নির্ধাৰিত ২০ অভাৰত ৫ উইকেটত ১৭৮ ৰানহে কৰে৷ লক্ষ্ণৌৰ হৈ আভেছ খানে সর্বাধিক তিনিটা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি এইডেন মার্কৰামৰ ৬৬ আৰু আয়ুস বাড’নিৰ ৫০ ৰানৰ সহায়ত লক্ষ্ণৌৱে নির্ধাৰিত ২০ অভাৰত ৫ উইকেটত ১৮০ ৰান কৰে৷ আব্দুল ছামাদে ১০টা বলত ৩০ ৰান কৰি অপৰাজিত হৈ থাকে৷ মেচখনত বিজয় সাব্যস্ত কৰি লক্ষ্ণৌৱে ১০ পইণ্টেৰে পইণ্ট তালিকাৰ চতুর্থ স্থানলৈ উন্নীত হয়৷