নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাভাস্কাৰৰ সৈতে খেলিবলৈ নোপোৱাৰ আক্ষেপ থাকি গ’ল শচীনৰ

নিয়মীয়া বাৰ্তা, ৩১ মেঃ প্রায় দুটা দশকজুৰি আন্তঃৰাষ্ট্রীয় ক্রিকেটত দপ্দপাই থাকি ইটোৰ পিছত সিটো অভিলেখ স্থাপন কৰিলেও বর্ণিল কেৰিয়াৰত দুটা বিশেষ আক্ষেপ থাকি গ’ল মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ৷ এটা ৱেবছাইটৰ স’তে হোৱা সাক্ষাৎকাৰত একালৰ কিংবদন্তি বেটছমেনগৰাকীয়ে কয় যে সুনীল গাভাস্কাৰৰ সৈতে আৰু ছাৰ ভিভিয়ান ৰিচার্ডছৰ বিৰুদ্ধে খেলিব নোপোৱাৰ আক্ষেপে তেওঁক এতিয়াও দুখ দিয়ে৷

‘জীৱনত মোৰ দুটাই আক্ষেপ থাকি গ’ল৷ প্রথমটো হ’ল মই কেতিয়াও সুনীল গাভাস্কাৰৰ স’তে খেলাৰ সুযোগ নাপালোঁ৷ গাভাস্কাৰৰ খেল উপভোগ কৰিয়েই মই ক্রিকেটৰ প্রতি আকর্ষিত হৈছিলোঁ৷ মই আন্তঃৰাষ্ট্রীয় ক্রিকেটত অভিষেক ঘটোৱাৰ কেইবছৰমান পূর্বে গাভাস্কাৰে অৱসৰ গ্রহণ কৰে৷ এয়া মোৰ জীৱনৰ এক আক্ষেপ হৈ ৰ’ব৷’ –ক্রিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰে এইদৰে কয়৷

ইফালে, টেষ্ট ক্রিকেটত ১৫,৯২১ ৰান সংগ্রহ কৰি ২০১৩ চনত অন্তঃৰাষ্ট্রীয় ক্রিকেটক বিদায় জনোৱা প্রাক্তন ক্রিকেটাৰগৰাকীয়ে পুনৰ কয় যে শৈশৱৰ নায়ক ছাৰ ভিভিয়ান ৰিচার্ডছৰ বিৰুদ্ধে খেলিব নোপোৱাটো তেওঁৰ কেৰিয়াৰৰ দ্বিতীয়টো আক্ষেপ৷ ‘মোৰ আন এটা আক্ষেপ হ’ল শৈশৱৰ নায়ক ছাৰ ভিভিয়ান ৰিচার্ডছৰ বিৰুদ্ধে খেলাৰ সুযোগ নাপালোঁ৷ কাউণ্টি ক্রিকেটত তেওঁৰ বিৰুদ্ধে খেলাৰ সৌভাগ্য অর্জন কৰিছিলোঁ যদিও আন্তঃৰাষ্ট্রীয় ক্রিকেটত কেতিয়াও তেওঁৰ মুখামুখি হ’ব নোৱাৰিলোঁ৷’ –শচীনে এইদৰে কয়৷ উল্লেখ্য যে ১৯৯১ চনত ভিভিয়ান ৰিচার্ডছে অৱসৰ গ্রহণ কৰিছিল৷

You might also like