নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূল্যবৃদ্ধিৰ মাধমাৰ

ক’ভিডসৃষ্ট জটিল পৰিস্থিতিৰ মাজতে বজাৰ অত্যাৱশ্যকীয় সামগ্রী অভাৱনীয় মূল্যবৃদ্ধিয়ে সর্বসাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধাইছে৷ চাউলৰ পৰা দাইল, বুট–মাহ, মিঠাতেল আদি প্রতিবিধ সামগ্রীৰে মাত্র কেইটামান দিনৰ ভিতৰতে অত্যধিক হাৰত মূল্যবৃদ্ধি ঘটিছে৷ ক’ভিড প্রতিৰোধকল্পে আৰোপিত বাধা–নিষেধৰ ফলশ্রুতিত ব্যক্তিগত খণ্ডত কর্মৰত বহু কর্মচাৰী–শ্রমিক কর্মহীন হৈ পৰাৰ সমান্তৰালভাৱে ক্ষুদ্র ব্যৱসায়ীসকলৰ জীৱিকালৈও নামি আহিছে চৰম অনিশ্চয়তা৷ এনে অৱস্থাত খাদ্য–সামগ্রীৰ আকাশলংঘী হাৰত ঘটা মূল্যবৃদ্ধিয়ে কার্যতঃ খাটিখোৱা জনসাধাৰণক দুর্যোগ মাজলৈ ঠেলি দিছে৷ এফালে জীৱন ৰক্ষা, আনফালে জীৱিকা৷ আজিৰ তাৰিখত এয়াই হৈ পৰিছে দেশবাসীৰ বাবে একমাত্র চিন্তা৷ কেন্দ্রীয় উদ্যোগ–বাণিজ্য মন্ত্রালয় আৰু গ্রাহক পৰিক্রমা মন্ত্রালয়ৰ তথ্যৰ উদ্ধৃতিৰে শেহতীয়াকৈ সংবাদ মাধ্যমত প্রকাশিত বাতৰিতে স্পষ্ট হৈছে পাইকাৰী বজাৰত খাদ্য–সামগ্রীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বাস্তৱ ছবিখন৷ তথ্য অনুসৰি ক’ভিডে বিভীষিকাৰ সৃষ্টি কৰাৰ মাজতে বিগত এপ্রিল মাহত দেশৰ পাইকাৰী বজাৰত সর্বকালৰ সর্বাধিক ১০.৪৯ শতাংশ মূল্যবৃদ্ধি হৈছে৷ মার্চ মাহত এই হাৰ ৭.৩৯ শতাংশ আছিল যদিও একেকোবে মূল্যবৃদ্ধি ১০.৪৯ শতাংশ হোৱাটোৰ পৰাই অনুমান কৰিব পাৰি সর্বসাধাৰণ জনতাই কেনেধৰণৰ বোজা গ্রহণ কৰিবলগীয়া হৈছে৷ একমাত্র শাক–পাচলি বাদ দি প্রতিবিধ সামগ্রীৰে এতিয়া জুইছাই দাম৷ পাইকাৰী বজাৰত ঘটা মূল্যবৃদ্ধিৰ প্রভাৱ স্বাভাৱিকতে খুচুৰা বজাৰখনতো পৰিছে৷ খাদ্য সামগ্রীৰ এনে মূল্যবৃদ্ধিৰ মূলতে হ’ল উৎপাদন ব্যয় বৃদ্ধি, পেট্র’ল–ডিজেলৰ ঊর্ধ্বমুখী দাম আৰু অনিয়ন্ত্রিত বজাৰ ব্যৱস্থা৷ ক’ভিডৰ দ্রুত সংক্রমণৰ পৰিপ্রেক্ষিতত আৰোপিত বাধা–নিষেধৰ ফলত উৎপাদন খণ্ডত বিৰূপ প্রভাৱ পৰিছে৷ সেইদৰে শেহতীয়াকৈ ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে পেট্র’ল–ডিজেলৰ মূল্য৷ ইন্ধনৰ এনেদৰে মূল্যবৃদ্ধি ঘটাৰ ফলত স্বাভাৱিকতে পৰিবহণ ব্যয় বাঢ়িছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল ক’ভিডজনিত পৰিস্থিতিৰ সুযোগ লৈ একাংশ মুনাফাখোৰ ব্যৱসায়ীয়ে কৃত্রিম নাটনিৰ সৃষ্টি কৰি খাদ্য সামগ্রীৰ মূল্যবৃদ্ধি ঘটাইছে৷ সেয়েহে এই দিশটোৰ ওপৰত চৰকাৰ তথা সংশ্লিষ্ট বিভাগ–কর্তৃপক্ষই চোকা নজৰ ৰখাৰ আৱশ্যকতা আছে৷ অৱশ্যে ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগটোৰ নতুনকৈ দায়িত্ব গ্রহণ কৰা মন্ত্রী ৰঞ্জিত কুমাৰ দাসে যোৱা ২৫ মে’ত বিভাগীয় এক বৈঠক অনুষ্ঠিত কৰি খাদ্য সামগ্রীৰ কৃত্রিম নাটনিৰ সৃষ্টি কৰাৰ লগতে মূল্যবৃদ্ধি ঘটোৱা অসাধু ব্যৱসায়ীয়ে জে’লৰ ভাত খাব লাগিব বুলি হুংকাৰ দিছে৷ একে সময়তে তেওঁ বিভাগটোৰ বিষয়াসকলক এইক্ষেত্রত চোকা নজৰ ৰাখিবলৈও নির্দেশ দিছে৷ মন্ত্রী দাসৰ এই হুংকাৰ তথা নির্দেশ বাস্তৱত ৰূপায়িত হ’লে সর্বসাধাৰণ জনতাই যথেষ্ট সকাহ লাভ কৰিব বুলি ধাৰণা কৰিব পাৰি৷

আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্রণ কৰিবলৈ হ’লে বজাৰ ব্যৱস্থাৰ ওপৰত  নিয়ন্ত্রণ থাকিব লাগিব৷ পূর্বে দেখা গৈছে যে বজাৰত নিয়ন্ত্রণ নথকাৰ সুযোগ লৈয়ে ব্যৱসায়িক চক্রই লুণ্ঠন চলাই আহিছে৷ লুণ্ঠনকাৰী এই চক্রটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ সমান্তৰালভাৱে দীর্ঘম্যাদী পৰিকল্পনাৰে বজাৰ ব্যৱস্থাৰ ওপৰত চৰকাৰ তথা সংশ্লিষ্ট বিভাগে নিজৰ নিয়ন্ত্রণ ৰখাৰ কার্যপন্থা যুগুত কৰা উচিত৷ বিগত সময়ছোৱাত দেখা গৈছে যে মূল্যবৃদ্ধিৰ কথা ওলালে ইয়াৰ সৈতে জড়িত এটা বিভাগে আন এটা বিভাগলৈ দায়িত্ব ঠেলি দায়সৰাৰ চেষ্টা কৰে৷ তেনেধৰণৰ কথা–বতৰাৰ বিপৰীতে জনস্বার্থৰ খাতিৰত সংশ্লিষ্ট প্রতিটো বিভাগে উমৈহতীয়াভাৱে কাম কৰিলে মূল্যবৃদ্ধি বহুলাংশে নিয়ন্ত্রণলৈ অহাৰ সম্ভাৱনা আছে৷ ইফালে পেট্র’ল–ডিজেলৰ ধাৰাবাহিক মূল্যবৃদ্ধিয়েও খাদ্য সামগ্রীৰ পৰিবহণত বিৰূপ প্রভাৱ পেলাইছে৷ তথ্য অনুসৰি যোৱা ৪ মে’ৰ পৰা ২৯ মে’লৈকে এই সময়ছোৱাত ১৫বাৰ পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধি হৈছে৷ অসমৰ খাদ্য সামগ্রীৰ চাহিদা বহুলাংশে বহিঃৰাজ্যৰ ওপৰত নির্ভৰশীল৷ বহিঃৰাজ্যৰ পৰা আমদানি কৰা খাদ্য সামগ্রীৰ ওপৰতে অসমৰ জনসাধাৰণে নির্ভৰ কৰিবলগীয়া হয়৷ কিন্তু পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিৰ লগে লগে পৰিবহণ ব্যয় যথেষ্ট বৃদ্ধি পাইছে৷ তেলৰ আন্তর্জাতিক বজাৰৰ সৈতে সংগতি ৰাখিয়েই দেশত পেট্র’ল–ডিজেলৰ মূল্য নির্ধাৰণ কৰা হয়৷ যোৱা ২৮ মে’ত পুনৰ বা অপৰিশোধিত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হৈছে৷ ইয়াৰ লগে লগে ২৯ মে’ত বাঢ়িছে পেট্র’ল–ডিজেলৰ মূল্য৷ ইতিমধ্যে মুম্বাইৰ লগতে মধ্যপ্রদেশ, ৰাজস্থান আদি ৰাজ্যৰ কেইবাখনো চহৰত পেট্র’লৰ মূল্যই ১০০ টকাৰ ঘৰ অতিক্রম কৰিছে৷ দিনক দিনে বৃদ্ধি পাই আছে ডিজেলৰো মূল্য৷ কেন্দ্রীয় চৰকাৰে এই বিষয়টোত গুৰুত্ব আৰোপ কৰি বাস্তৱ কার্যপন্থা গ্রহণ কৰিলে দেশৰ জনসাধাৰণে যথেষ্ট সকাহ পাব৷ কিয়নো পেট্র’ল–ডিজেলৰ ওপৰত বিভিন্ন ধৰণৰ কৰ আৰোপ কৰা থাকে৷ ক’ভিডজনিত জটিল পৰিস্থিতিত এনেধৰণৰ কৰৰ কিছু অংশ ৰেহাই দিলেও খাদ্য সামগ্রীৰ পৰিবহণ ব্যয় হ্রাস হ’ব পাৰে৷

You might also like