নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি জীৱনৰ অর্ধশতকত ভৰি দিলে ক্রিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিল: ক্রিকেটৰ কিংবদন্তি শচীন তেণ্ডুলকাৰৰ  আজি জন্ম দিন৷ অন্য সকলো জন্মদিনতকৈ এইবাৰৰ জন্মদিন সুকীয়া৷ কাৰণ এইবাৰ তেওঁ ৫০ বছৰ পূর্ণ কৰিব৷ খেলপথাৰৰ বাহিৰতো অর্ধ শতক হ’ব শচীনৰ৷ ইয়াৰ পূর্বে কালি মুম্বাই ইণ্ডিয়ানছ বনাম পঞ্জাব কিংছৰ মেচখনলৈ আহি আৱেগত আপ্লুত হৈ পৰে মাষ্টাৰ ব্লাষ্টাৰ৷ মেচখনৰ মাজতে কেক কাটি আগতীয়া জন্মদিন উদযাপন কৰে প্রাক্তন তাৰকা ক্রিকেটাৰগৰাকীয়ে৷ শচীনৰ বাবে খেলপথাৰৰ ভিতৰতে কেক আনি ৰখা হৈছিল৷ কেক কটাৰ সময়ত মুম্বাইৰ ক্রিকেটাৰসকলে শাৰীবদ্ধ হৈ থিয় দি হাত চাপৰি বজাইছিল৷ পিছত ধাৰাভাষ্যকাৰ ৰবি শাস্ত্রীক হাঁহি হাঁহি শচীনে কয়– ‘এইটোৱেই মোৰ জীৱনৰ মন্থৰতম অর্ধ শতৰান৷ ইয়াৰ আগতে কোনেও ইমান পলমকৈ ৫০ কৰা নাছিল৷’ শচীনে লগতে কয়– ‘১৯৮৩ চনত বিশ্বকাপ জয়ৰ পিছৰ পৰাই ক্রিকেট খেলাৰ সপোন আৰম্ভ হৈছিল৷ ভাৰতৰ হৈ ইমান বছৰ খেলিবলৈ পোৱাটো ভাগ্যৰ কথা৷ ১৯৮৯ চনৰ পৰা খেল আৰম্ভ কৰাৰ পিছত এতিয়াও ক্রিকেটৰ সৈতে জড়িত হৈ আছোঁ৷ এইটোৱেই মোৰ জীৱনৰ আটাইতকৈ ভাল সময়৷ যিটো বিচাৰিছিলো সেইটোৱেই হৈছে৷’

আধুনিক ক্রিকেট আৰু আই পি এল প্রসংগত শচীনে কয়– ‘এতিয়াৰ ক্রিকেটৰ বহু পৰিৱর্তন ঘটিছে৷ আগতকৈ দ্রুত গতিত খেল হৈছে৷ ইয়াৰ লগতে আই পি এলত ইমপেক্ট প্লেয়াৰৰ সুবিধাও পোৱা গৈছে৷ আগতকৈ এতিয়া প্রতি ইনিংছত কমেও ২০–২৫ ৰান অধিক হৈছে৷ বেছিভাগ দলেই ২০০ৰ ওচৰত ৰান সংগ্রহ কৰিছে৷’

উল্লেখ্য যে দুদিন পূর্বে শচীনৰ জন্মদিন পালনৰ সিদ্ধান্ত লৈছিল মুম্বাই ইণ্ডিয়ানছ কর্তৃপক্ষই৷ ইপিনে, আজি উদযাপিত হ’বলগীয়া শচীনৰ জন্মদিনৰ পূর্বে অসংখ্যজনে তেওঁক লৈ স্মৃতি ৰোমন্থন কৰিছে৷ ক্রিকেটাৰ সুনীল গাভাস্কাৰৰ পৰা সংগীত শিল্পী আশা ভোসলেলৈকে বিভিন্নজনে তেওঁক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷

You might also like