৪৩০ দিন পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তনৰ সন্ধিক্ষণত ছামি
নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ জানুৱাৰীঃ ভাৰতীয় বেগী বলাৰ মহম্মদ ছামি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ ঘূৰি অহাৰ বাবে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। আজি এই অপেক্ষাৰ অন্ত পৰিব। ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত ভাৰতৰ হৈ অন্তিমখন খেল খেলা ছামিক ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া টি-২০ শৃংখলাৰ বাবে টীম ইণ্ডিয়াত অন্তৰ্ভুক্ত হৈছে। আজি কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব ইংলেণ্ডৰে টি-২০ শৃংখলাৰ প্ৰথমখন খেল। এই মেচৰ জৰিয়তে মহম্মদ ছামিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পুনৰ প্ৰত্যাৱৰ্তন কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে। ভাৰতীয় পেচাৰগৰাকীয়ে ইতিমধ্যে ঘৰুৱা ক্ৰিকেটৰ জৰিয়তে পেছাদাৰী ক্ৰিকেটলৈ ঘূৰি আহিছিল আৰু এতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পাল। আজি ছামিয়ে প্ৰায় ৪৩০ দিন (১৪ মাহ)ৰ অন্তত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিব। গোৰোহাৰ আঘাতৰ বাবে ছামি এবছৰতকৈ অধিক সময় টীম ইণ্ডিয়াৰ পৰা আঁতৰি আছিল। মন কৰিবলগীয়া যে ছামিয়ে ২০২৩ চনৰ নৱেম্বৰ মাহত টীম ইণ্ডিয়াৰ হৈ অন্তিমখন খেল খেলিছিল। ইয়াৰ পিছত ২০২৪ চনৰ আৰম্ভণিতে তেওঁৰ গোৰোহাৰ অস্ত্ৰোপচাৰ কৰা হয়। তাৰ পিছত বহু অপেক্ষাৰ অন্তত ২০২৪ চনৰ নৱেম্বৰ মাহত ভাৰতীয় পেচাৰগৰাকীয়ে ঘৰুৱা ক্ৰিকেটলৈ উভতি আহি বংগৰ হৈ ৰঞ্জি মেচ খেলিছিল। ইয়াৰ পিছতে বংগৰ হৈ ঘৰুৱা টি-২০ প্ৰতিযোগিতা চৈয়দ মুস্তাক আলী ট্ৰফী খেলে ছামিয়ে। তাৰ পিছত তেওঁ বংগৰ হৈ এদিনীয়া প্ৰতিযোগিতা বিজয় হাজাৰে ট্ৰফীৰ কিছু খেল খেলে। ইয়াৰ পিছত তেওঁক টীম ইণ্ডিয়াৰ বাবে নিৰ্বাচিত কৰা হয়। এতিয়া তেওঁক ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ ছিৰিজত ভাৰতৰ হৈ খেলা দেখা যাব।