নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফীত দেখা যাবনে ছামিক !

🔹 সংবাদ মেলত কি ক’লে অধিনায়ক বুমৰাহে

নিউজ ডেস্ক, ২২ নৱেম্বৰ : আজিৰ পৰা আৰম্ভ হৈছে ক্রিকেটপ্রেমীৰ বহু প্রত্যাশিত ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফী৷ পার্থত অনুষ্ঠিত শৃংখলাৰ প্রথমখন টেষ্টত ভাৰতীয় দলৰ নিয়মীয়া অধিনায়ক ৰোহিত শর্মা নাই৷ পিতৃ হোৱাৰ বাবে বর্তমান পৰিয়ালৰ সৈতে আছে ৰোহিত৷ তেওঁৰ অনুপস্থিতিত দলৰ সহঃ অধিনায়ক যশপ্রীত বুমৰাহে পার্থ টেষ্টত অধিনায়কৰ দায়িত্ব বহন কৰিছে৷ প্রথমখন টেষ্টৰ বাবে প্রস্তুতিৰ মাজতে বুধবাৰে সংবাদ মেল সম্বোধন কৰে ভাৰপ্রাপ্ত অধিনায়ক বুমৰাহে৷ সংবাদ মেলত বুমৰাহে ভাৰতীয় দল সন্দর্ভত এক তাৎপর্যপূর্ণ ইংগিত দিছে৷ অষ্ট্রেলিয়াৰ বিপক্ষে এই গুৰুত্বপূর্ণ শৃংখলাৰ বাবে দল ঘোষণাৰ সময়তে তাৰকা পেচাৰ মহম্মদ ছামিক অন্তর্ভুক্ত নকৰাক কেন্দ্র কৰি যথেষ্ট আলোচনা হৈছিল৷ ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফীত অভিজ্ঞ ছামিৰ অনুপস্থিতিক লৈ এতিয়াও চর্চা অব্যাহত আছে৷ এই চর্চা সন্দর্ভতে এক গুৰুত্বপূর্ণ মন্তব্য কৰিছে ভাৰপ্রাপ্ত অধিনায়ক বুমৰাহে৷ সংবাদ মেলত বুমৰাহৰ মন্তব্য অনুসৰি, যদি সকলো ঠিকে থাকে, ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফীত অষ্ট্রেলিয়ান ভূমিত ছামিক দেখা পোৱা যাব পাৰে৷ আঘাতমুক্ত ছামি এবছৰৰ মূৰত ৰঞ্জি ট্রফীৰ জৰিয়তে পুনৰ খেলপথাৰলৈ উভতি আহিছে৷ সংবাদ মেলত বুমৰাহে টেষ্ট ফর্মেটত ছামিৰ গুৰুত্বৰ ওপৰত লক্ষ্য ৰাখি অভিজ্ঞ পেচাৰগৰাকী অষ্ট্রেলিয়াত দলৰ অংশ হোৱাৰ সম্ভাৱনাও স্বীকাৰ কৰে৷ বুমৰাহে সাংবাদিকৰ আগত কয় যে ছামি দলৰ এক অবিচ্ছেদ্য অংগ হৈ আহিছে৷ ভাৰতীয় দল পৰিচালনাৰ দায়িত্বত থকা লোকসকলে ছামিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু যদি সকলো ঠিকে থাকে, তেন্তে অষ্ট্রেলিয়াতো ছামিক দেখা পাব পাৰে বুলি বুমৰাহে মন্তব্য কৰে৷

You might also like