সনথ জয়সূর্য শ্রীলংকাৰ অন্তর্ৱর্তীকালীন প্রশিক্ষক
নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ জুলাইঃ জিম্বাব’ৱে ভ্রমণ সমাপ্তিৰ পিছত টীম ইণ্ডিয়াই শ্রীলংকা ভ্রমণ কৰিব৷ উক্ত ভ্রমণত ভাৰতীয় দলটোৱে সিংহলী বাহিনীৰে এদিনীয়া আৰু টি–২০ শৃংখলাত ভাগ ল’ব৷ টীম ইণ্ডিয়াৰ শ্রীলংকা ভ্রমণৰ সময়ছোৱাত প্রাক্তন তাৰকা বেটাৰ সনথ জয়সূর্যক শ্রীলংকা দলটোৰ অন্তর্ৱর্তীকালীন প্রশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে৷ ২৭ জুলাইৰ পৰা টীম ইণ্ডিয়াৰ শ্রীলংকা ভ্রমণ আৰম্ভ হ’ব আৰু এই ভ্রমণত ভাৰতে শ্রীলংকাৰে তিনিখন টি–২০ আৰু সমসংখ্যক এদিনীয়া মেচ খেলিব৷ উল্লেখ্য যে যোৱা সপ্তাহত ইংলেণ্ডৰ ক্রিছ ছিলভাৰডডে শ্রীলংকা দলটোৰ প্রশিক্ষকৰ পদৰ পৰা পদত্যাগ কৰিছিল৷ বিগত সময়ছোৱাত জয়সূর্যই শ্রীলংকাৰ মুখ্য নির্বাচক হিচাপে কার্যনির্বাহ কৰিছিল৷ প্রসংগক্রমে ভাৰত ভ্রমণৰ সমান্তৰালকৈ হংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া টেষ্ট শৃংখলাটোতো মুখ্য প্রশিক্ষক হিচাপেও থাকিব জয়সূর্য৷ শেহতীয়াকৈ সমাপ্ত টি–২০ বিশ্বকাপত তেওঁ দলটোৰ পৰামর্শদাতা আছিল৷ উল্লেখ্য যে জয়সূর্যই ১১০খন টেষ্ট আৰু ৪৪৫খন এদিনীয়াত শ্রীলংকা দলক প্রতিনিধিত্ব কৰিছিল৷ ক্রিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ ৰাজনীতিত যোগদান কৰে৷ ২০১০ চনৰ পৰা ২০১৫ চনলৈ তেওঁ শ্রীলংকাৰ সংসদৰ সদস্য আছিল৷