টেনিছ টু ক্ৰিকেট : মহিলা প্রিমিয়াৰ লীগত চমকেৰে আৰচিবিৰ পৰামর্শদাতা ছানিয়া
বিশেষ বাৰ্তা, ১৬ ফেব্রুৱাৰীঃ চলিত মাহতে ডুবাই অ’পেন খেলি টেনিছৰ পৰা অৱসৰ ল’ব ছানিয়া মির্জাই৷ কিন্তু ইয়াৰ পিছতো অৱসৰ যাপন নকৰে খেলুৱৈগৰাকীয়ে৷ ছানিয়াই এইবাৰ যোগ দিব ৰয়েল চেলেঞ্জার্ছ বাংগালুৰু (আৰচিবি)ত৷ মহিলা দলটোৰ ক্রিকেট পৰামর্শদাতা হিচাপে কাম কৰিব তেওঁ৷ টেনিছৰ পৰা পোনে পোনে ক্রিকেটলৈ অহাৰ বাবে সাজু হোৱা ছানিয়াই কয়– ‘প্রস্তাৱ লাভ কৰি প্রথমে কিছু অবাক হৈছিলোঁ৷ অৱশ্যে এতিয়া যথেষ্ট ৰোমাঞ্চিত৷ মই সৰু সৰু ছোৱালীবোৰক বুজাব বিচাৰোঁ যে খেলা–ধূলাক পেছা হিচাপে ল’ব লাগে৷ নতুন প্রজন্মক নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ শিকাম আৰু ক’ম সন্মুখত যিমানেই বাধা নাহক কিয়, তাক অতিক্রম কৰি নিজৰ স্বপ্ণ পূৰণ কৰিব পাৰি৷’ টেনিছ তাৰকাগৰাকীয়ে লগতে কয়– ‘দীর্ঘ ২০ বছৰ টেনিছ খেলি যথেষ্ট অভিজ্ঞতা সঞ্চয় কৰিছোঁ৷ আশা কৰোঁ এই অভিজ্ঞতাৰ জৰিয়তে তেওঁলোকক মানসিকভাৱে সাজু কৰি আত্মবিশ্বাসী কৰিব পাৰিম৷ উল্লেখ্য যে ভাৰতীয় দলৰ অধিনায়ক স্মৃতি মান্ধানা, ৰিচা ঘোষ, এলিছ পেৰীৰ দৰে তাৰকাক ক্রয় কৰি দল গঠন কৰা আৰ চি বিয়ে মেণ্টৰ নির্বাচনৰ ক্ষেত্রতো চমক দিলে৷