নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ অৱসৰ ঘোষণাঃ ২০২২ য়েই হ’ব তেওঁৰ অন্তিম ছিজন

নিয়মীয়া বাৰ্তা ১৯ জানুৱাৰীঃ আজি ভাৰতৰ তাৰকা মহিলা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাই অৱসৰ ঘোষণা কৰিছে। অষ্ট্ৰেলিয়ান অপেনত উপস্থিত হোৱা ছানিয়াই কয় যে ২০২২ বৰ্ষটো তেওঁৰ অন্তিম ছিজন হ’ব। অৰ্থাৎ, এই বছৰেই তেওঁক শেষবাৰৰ বাবে টেনিছ ক’ৰ্টত দেখা যাব। তেওঁ বুধবাৰে মহিলাৰ ডাবলছৰ প্ৰথম ৰাউণ্ডতে পৰাজয় সন্মুখিন হৈছিল।

ছানিয়াই এতিয়ালৈকে ছটা গ্ৰেণ্ড শ্লেম জিকিছে

উল্লেখ্য যে ছানিয়া মিৰ্জাই ২০১৬ চনত মহিলাৰ ডাবল্ছত অষ্ট্ৰেলিয়ান অপেন, ২০১৫ চনত উইম্বলডন আৰু ইউএছ অপেন জিকিছিল। ইপিনে মিক্সড ডাবল্ছত তেওঁ ২০০৯ চনত অষ্ট্ৰেলিয়ান অপেন, ২০১২ চনত ফ্ৰেঞ্চ অপেন আৰু ২০১৪ চনত ইউএছ অপেন জিকিছিল।

২০০৩ চনত পেছাদাৰী কেৰিয়াৰ আৰম্ভ কৰিছিল ছানিয়াই

৩৫ বছৰীয়া ছানিয়া হৈছে ভাৰতৰ আটাইতকৈ জেষ্ঠ মহিলা টেনিছ তাৰকা। ২০০৩ চনত টেনিছত তেওঁৰ পেছাদাৰী কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ যোৱা ১৯ বছৰ ধৰি একেৰাহে টেনিছ খেলি কেইবাখনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতক বিজয়ৰ উপহাৰ দিছে।

You might also like