নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট আলোকচিত্ৰ শিল্পী সমীৰ চৌধুৰীক অমুল্য মান্না আলোকচিত্ৰ বঁটা প্ৰদান

অমুল্য মান্নাই ফটোগ্ৰাফীৰ সাধনা কৰিছিলঃ ডঃ শৰৎ বৰকটকী

নিয়মীয়া বাৰ্তা ১৯ জানুৱাৰীঃ অমুল্য মান্না স্মৃতি ৰক্ষা সমিতি আৰু ফটোগ্ৰাফী ইনষ্টিটিউট অৱ অসমৰ উদ্যোগত আজি অমুল্য মান্না আলোক চিত্ৰ বঁটা বিশিষ্ট আলোকচিত্ৰ শিল্পী সমীৰ চৌধুৰীক প্ৰদান কৰা হয়।এই বঁটাত সম্বৰ্ধনা পত্ৰ,নগদ ২০ হাজাৰ টকা,এটা স্মাৰক,গামোচা আছে‌। বঁটা প্ৰদান উপলক্ষে নগাঁও চহৰৰ অগ্ৰণী সাংস্কৃতিক গোষ্ঠী কল্লোলৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত আদৰণি ভাষন প্ৰদান কৰে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক অৰূপ মান্নাই। সভাৰ পূৰ্বে বিশিষ্ট ব্যক্তিসকলে অমুল্য মান্নাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলী অৰ্পন কৰে।অমুল্য মান্না স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক মুকুল প্ৰসাদ বৰঠাকুৰে সম্পাদকৰ একাষাৰত প্ৰথিতযশা আলোকচিত্ৰ শিল্পী অমুল্য মান্নাৰ কৰ্ম জীৱন বিষয়ে আলোকপাত কৰে।

আলোকচিত্ৰ শিল্পী সমীৰ চৌধুৰীক বঁটা প্ৰদান কৰি নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীয়ে ভাষণ প্ৰসংগত কয় যে-‘ অমুল্য মান্নাই ফটোগ্ৰাফীৰ সাধনা কৰিছিল আৰু সৃষ্টিশীল লেন্সৰে নিজে এক অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছিল।’ তেওঁ অমুল্য মান্না কৃতিমান ছাত্র-ছাত্রী সকলৰ কথাও ভাষনত উল্লেখ কৰে। বটা প্ৰাপক সমীৰ চৌধুৰীৰ সম্পৰ্কত ডঃ বৰকটকীয়ে কয় যে-‘সমীৰ চৌধুৰীৰ দৰে ব্যক্তিয়ে তোলা আলোকচিত্ৰ হৃদয়ৰ আৰ্কাইভত সংৰক্ষিতহৈ আছে।’

বঁটা গ্ৰহণ কৰি আলোকচিত্ৰ শিল্পী সমীৰ চৌধুৰীয়ে কয় যে- ‘অমুল্য মান্নাৰ দৰে প্ৰথিতযশা আলোকচিত্ৰ শিল্পীৰ নামত বঁটা প্ৰদান কৰাৰ বাবে মই গৌৰৱান্বিত।অমুল্য মান্না কেৱল এজন ফটো সাংবাদিকেই নাছিল তেওঁ এজন যশস্বী চিত্ৰ পৰিচালকো আছিল।দৃশ্যমান কলা ফটোগ্ৰাফী এক শক্তিশালী গণ মাধ্যম।’ সভাত অংশগ্ৰহণ কৰি বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে কয় যে- ‘অমুল্য মান্না আছিল নগাঁৱৰ আলোক চিত্ৰ শিল্প,ফটো সাংবাদিক,চলচ্চিত্ৰ পৰিচালনা আদি বিষয়ৰ বাটকটীয়া।তেওঁৰ সেই দেখুৱাই যোৱা পথৰে বাট বুলি বহুজন বৰ্তমান অসমৰ আলোকচিত্ৰ ক্ষেত্ৰখনত প্ৰতিষ্ঠিত হৈছে।’ সভাত ভাষন প্ৰদান কৰি ইউ বি ফটোজৰ স্বতাধিকাৰী উৎপল বৰুৱাই ভাষন প্ৰদান কৰি অমুল্য মান্নাই তেওঁলোকক প্ৰদান কৰা শিক্ষাৰ কথা সোঁৱৰে।

সভাত অমুল্য মান্নাৰ পুত্ৰ তথা যশস্বী চলচ্চিত্ৰ পৰিচালক অৰূপ মান্নাই সমীৰ চৌধুৰীৰ আলোকচিত্ৰৰ সম্পৰ্কত আলোকপাত কৰি কয় যে-তেওঁ জনজাতীয় সংস্কৃতিৰ প্ৰায় সমূহ সমল আলোকচিত্ৰৰে সংৰক্ষণ কৰি ৰাখিছে।’অৰূপ মান্নাই শিল্পী অশ্বিনী শৰ্মা আৰু গকুল চেত্ৰীয়ে স্মাৰকটো প্ৰস্তুত কৰে বুলি ভাষনত উল্লেখ কৰি তেওঁলোক দুয়োজনকে ধন্যবাদ জ্ঞাপন কৰে।বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সমাজসেৱী মুকুট চন্দ্ৰ ভূঞা,কল্লোল সাংস্কৃতিক গোষ্ঠীৰ সম্পাদক নৌচাদ আখতাৰ হাজৰিকা।

You might also like