নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি-২০ ক্ৰিকেটত মাৰমুখী সঞ্জু ছেমচনৰ নামত ৫টা বিৰল অভিলেখ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ নৱেম্বৰঃ সঞ্জু চেমছনৰ ধুমুহাময় শতকৰ বাবেই টীম ইণ্ডিয়াই প্ৰথম টি-২০ত দক্ষিণ আফ্ৰিকাক ৬১ ৰানত পৰাস্ত কৰে। চাৰিখন খেলৰ টি-২০ শৃংখলাৰ প্রথমখন খেলত টীম ইণ্ডিয়াই ৮ উইকেটত ২০২ ৰান সংগ্রহ কৰিছিল৷ ইয়াৰ উত্তৰত আয়োজক দক্ষিণ আফ্ৰিকা ১৪১ ৰানত অল আউট হয়। ভাৰতৰ জয়ৰ নায়ক আছিল উইকেটকীপাৰ বেটছমেন সঞ্জু চেমছন। চেমছনে মাত্ৰ ৫০টা বলত ১০৭ ৰানৰ ইনিংছ খেলি ৫টা ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়। ইয়াৰ লগে লগে চেমছনে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ত শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় উইকেটকীপাৰ হিচাপে পৰিগণিত হৈছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম টি-২০ খেলত মাত্ৰ ৪৭টা বলত শতক অৰ্জন কৰে সঞ্জু চেমছনে। ইয়াৰ লগে লগে তেওঁ টি-২০ ইণ্টাৰনেশ্যনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰা ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে। সূৰ্যকুমাৰ যাদৱৰ অভিলেখ ভংগ কৰিছে চেমচনে। সঞ্জু চেমছনে নিজৰ শক্তিশালী ইনিংছত মুঠ ১০টা ছয় মাৰে। ইয়াৰ লগে লগে তেওঁ ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে যিয়ে টি-২০ ইণ্টাৰনেশ্যনেল মেচত যৌথভাৱে সৰ্বোচ্চ সংখ্যক ছয় অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে ভাৰতৰ হৈ টি-২০ মেচত মাত্ৰ ৰোহিত শৰ্মাই ১০টা ছয় মাৰিছিল। চেমছনৰ নামত সৃষ্টি হৈছে আন এক অনন্য অভিলেখ। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা টি-২০ মেচত এতিয়া সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে চেমছন। তেওঁ ডেভিদ মিলাৰৰ অভিলেখ ভংগ কৰিছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে নিজৰ নামত এক বৃহৎ অভিলেখ গঢ়িছে সঞ্জু চেমছনে। আনকি ৰোহিত শৰ্মা, বিৰাট কোহলিৰ দৰে খেলুৱৈয়েও এই কাম কৰিব নোৱাৰিলে। দৰাচলতে চেমছন এতিয়া একেৰাহে দুখন টি-২০ ইণ্টাৰনেশ্যনেলত শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে।

You might also like