নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হঠাৎ দল এৰি বেংগালুৰুলৈ সঞ্জু ছেমছন

নিউজ ডেস্ক, ১ এপ্ৰিলঃ অকস্মাতে দল ত্যাগ কৰি বেংগালুৰুলৈ উৰা মাৰিলে ৰাজস্থান ৰয়েলছৰ স্থায়ী অধিনায়ক সঞ্জু ছেমছনে৷ দেওবাৰে গুৱাহাটীত চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰি চলিত আইপিএলত প্রথমটো জয়ৰ সোৱাদ লাভ কৰে ৰাজস্থানে৷ খেলখনৰ পিছদিনা সঞ্জু ছেমছনে অকলে গুৱাহাটীৰ পৰা বেংগালুৰুলৈ ৰাওনা হয়৷ জানিব পৰা মতে, উইকেটকীপিঙৰ ক্লিয়াৰেঞ্চ লাভ কৰাৰ বাবে তেওঁ বিচিচিআইৰ চেণ্টাৰ অৱ এক্সেলেঞ্চত উপস্থিত হয়৷ ইয়াৰ পৰা ক্লিয়াৰেঞ্চ পালে তেওঁ আৰু ইমপেক্ট প্লেয়াৰ হিচাপে খেলিব নালাগিব৷ অধিনায়কত্বও ঘূৰাই পাব৷ সোঁ আঙুলিৰ অস্ত্রোপচাৰ হৈছিল সঞ্জুৰ৷ সেইবাবেই তেওঁক উইকেটকীপিং আৰু ফিল্ডিং কৰিব দিয়া হোৱা নাছিল৷ অৱশ্যে তেওঁক বেটিং কৰিবলৈ দিয়া হৈছিল৷ সেইবাবেই তেওঁ প্রথম তিনিখন মেচ ইমপেক্ট প্লেয়াৰ হিচাপে খেলিছিল৷ জানিব পৰা মতে, তেওঁ চিঅ’ইৰ ক্রীড়া বিজ্ঞান শাখাত পৰীক্ষা দিব৷ উত্তীর্ণ হ’লে ক্লিয়াৰেঞ্চ চার্টিফিকেট লাভ কৰিব৷ সূত্র অনুসৰি তেওঁৰ আঙুলিৰ আঘাত সম্পূর্ণৰূপে ভাল হৈছে৷ তেওঁ এতিয়া উইকেটৰ দায়িত্ব ল’ব পৰাকৈ ফিট হৈ পৰিছে৷ ৰাজস্থান ৰয়েলছৰ পৰৱর্তী মেচ ৫ এপ্রিলত৷ পঞ্জাব কিংছৰ বিৰুদ্ধে খেলিবলগীয়া মেচখনলৈ এতিয়াও ৩ দিন বাকী আছে৷ গতিকে, সঞ্জুৱে উক্ত মেচখনলৈ ফিট হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ চলিত আইপিএলৰ প্রথমখন খেলত ৩৭টা বলত ৬৬ ৰান সংগ্রহ কৰা সঞ্জুৱে কেকেআৰৰ বিৰুদ্ধে ১৩ আৰু চিএছকেৰ বিৰুদ্ধে ২০ ৰান সংগ্রহ কৰে৷

You might also like