নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোৰিয়া অ’পেনত চেম্পিয়ন সাত্বিক–চিৰাগ

বিশেষ বাৰ্তা, ২৩ জুলাই : কোৰিয়া অ’পেনত চেম্পিয়নৰ সন্মান অর্জন কৰিছে ভাৰতৰ তাৰকা যুটি সাত্বিকচৈৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ ছেট্টীয়ে৷ ভাৰতৰ এই ডাবলছ যুটিটোৱে বিশ্বৰ এক নম্বৰ স্থানৰ যুটিক হৰুৱাই খিতাপ অর্জন কৰে৷ তিনিটা কঠিন ছেটৰ অন্তত ভাৰতীয় যুটিটো ১৭–২১, ২১–১৩, ২১–১৪ গেমত বিজয়ী হয়৷ ভাৰতৰ শ্বাটলাৰদ্বয়ে ফাইনেলত পৰাস্ত কৰে ফজৰ আলফিয়ান আৰু মহম্মদ ৰিয়ান আৰডিয়াণ্টো যুটিক৷ শনিবাৰে বিশ্বৰ দুই নম্বৰ স্থানৰ যুটিক হৰুৱাইছিল সাত্বিক–চিৰাগ যুটিয়ে৷ ইয়াৰ পূর্বে এই ভাৰতীয় যুটিটোৱে ইণ্ডোনেছিয়া ছুপাৰ ১০০০ আৰু ছুইছ অ’পেনত খিতাপ দখল কৰিছিল৷ কমনৱেলথ গেমছ আৰু থমাছ কাপত স্বর্ণ জয় কৰাৰ উপৰি এই যুটিটোৱে বিশ্ব চেম্পিয়নশ্বিপত ব্রঞ্জৰ পদক লাভ কৰিছিল৷ ইয়াকে লৈ ১০খন মেচত একেৰাহে বিজয় সাব্যস্ত কৰে সাত্বিক–চিৰাগে৷ ফাইনেলৰ প্রতিদ্বন্দ্বী যুটিটোৰ বিৰুদ্ধে তেওঁলোকৰ বিজয়ৰ ফলাফল আছিল ২–২৷ এইবাৰ ৩–২ মেচত আগবাঢ়ি গ’ল ভাৰতীয় যুটিটো৷ আজি ফাইনেলত প্রথমটো গেমত ভাৰতীয় যুটিটো পৰাজিত হোৱাৰ পিছত দর্শনীয় প্রত্যাৱর্তনেৰে পৰৱর্তী দুয়োটা গেমত বিজয়ী হয়৷ ইয়াৰ লগে লগে সাত্বিক–চিৰাগৰ খিতাপ নিশ্চিত হয়৷

You might also like