ডুবাইত টীম ইণ্ডিয়াৰ সন্মুখত আজি স্কটলেণ্ড
নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰ: আফগানিস্তানক বিধ্বস্ত কৰি জয়ৰ ধাৰালৈ উভতি অহা টীম ইণ্ডিয়াই চলিত টি–২০ বিশ্বকাপত আজি আন এখন জয় অনিবার্য মেচত অৱতীর্ণ হ’ব৷ ডুবাইত অনুষ্ঠিত হ’বলগীয়া মেচখনত বিৰাট কোহলি নেতৃত্বাধীন দলটোৰ প্রতিদ্বন্দ্বী হ’ব স্কটলেণ্ড৷ বিশ্বকাপৰ ছেমিফাইনেলৰ দৌৰত বর্তি থাকিবলৈ টীম ইণ্ডিয়াই স্কটলেণ্ডৰ বিৰুদ্ধেও বৃহৎ জয় সাব্যস্ত কৰিব লাগিব৷ পাকিস্তান আৰু নিউজিলেণ্ডৰ হাতত শোচনীয় পৰাজয়ৰ পিছত ভাৰতৰ ভাগ্য নিজৰ হাতত নাথাকিলেও দলটোৱে বৃহৎ জয়েৰে নেট ৰানৰেট উন্নত কৰি ছেমিফাইনেলৰ পথ মুকলি কৰি ৰখাৰ লক্ষ্যৰে শুকুৰবাৰে খেলপথাৰত নামিব৷
আফগানিস্তানৰ বিৰুদ্ধে অ’পেনাৰ ৰোহিত শর্মা, লোকেশ ৰাহুল আৰু মিডল অর্ডাৰ বেটছমেন ঋষভ পণ্ট, হার্দিক পাণ্ডিয়াই স্বাভাৱিক ছন্দ ওভতাই পোৱাত স্বস্তিৰ নিশ্বাস এৰিছে টীম ইণ্ডিয়াই৷ স্কটলেণ্ডৰ বিৰুদ্ধেও টীম ইণ্ডিয়াৰ শক্তিশালী বেটিং লাইন আপ উজলি উঠিব বুলি দলীয় মেনেজমেণ্টে আশা কৰিছে৷
উল্লেখ্য যে পাকিস্তান আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে দুর্বল বেটিঙৰ বাবে ৰোহিত, ৰাহুল, পণ্ট আৰু পাণ্ডিয়া অনুৰাগীৰ তীব্র ক্ষোভৰ সন্মুখীন হৈছিল৷ বিশেষকৈ অলৰাউণ্ডাৰ হার্দিকৰ অন্তর্ভুক্তিক লৈ বিতর্কৰ সৃষ্টি হয় যদিও হার্দিকে আফগানিস্তানৰ বিৰুদ্ধে আক্রমণাত্মক বেটিঙেৰে সমালোচকক যোগ্য প্রত্যুত্তৰ দিবলৈ সক্ষম হয়৷
ইফালে, অভিজ্ঞ অফস্পীনাৰ ৰবীচন্দ্রন অশ্বিনৰ আগমনে টীম ইণ্ডিয়াৰ বলিং বিভাগক অধিক শক্তিশালী কৰিছে৷ চাৰি বছৰৰ মূৰত টি–২০ ক্রিকেটলৈ প্রত্যাৱর্তন ঘটোৱা তাৰকাগৰাকীয়ে যোৱানিশা আফগানিস্তানৰ বিপক্ষে মাত্র ১৪ ৰান ব্যয় কৰি দুটা উইকেট দখল কৰে৷ তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহে নিয়ন্ত্রিত বলিঙেৰে প্রতিপক্ষক বান্ধি ৰাখিবলৈ সক্ষম হৈছে যদিও মহম্মদ ছামিয়ে অধিক ৰান ব্যয় কৰাত টীম ইণ্ডিয়া বিপদত পৰিছে৷
উল্লেখ্য যে নিউজিলেণ্ড, আফগানিস্তান আৰু নামিবিয়াৰ হাতত পৰাস্ত হৈ স্কটলেণ্ড টি–২০ বিশ্বকাপৰ ছেমিফাইনেলৰ দৌৰৰ পৰা ইতিমধ্যে বাহিৰ হৈছে৷ কাইলৈ দিনত অনুষ্ঠিত হ’বলগীয়া গ্রুপ–২ৰ মেচখনত নামিবিয়াই নিউজিলেণ্ডক পৰাস্ত কৰি অঘটন সৃষ্টি কৰিলে ভাৰতৰ বাবে ছেমিফাইনেলৰ পথ কিছু সহজ হ’ব৷ গ্রুপৰ অন্তিমখন মেচত নিউজিলেণ্ড আফগানিস্তানৰ হাতত পৰাস্ত হোৱাটোও ভাৰতৰ বাবে আশীর্বাদস্বৰূপ হ’ব৷
খেলৰ সময়ঃ সন্ধিয়া ৭.৩০ বজা৷