নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৃংখলা দখলৰ লক্ষ্যৰে পুনেত শ্ৰীলংকাৰে আজি দ্বিতীয় টি-২০ টীম ইণ্ডিয়াৰ

বিশেষ বাৰ্তা, ৫ জানুৱাৰীঃ ভ্রমণকাৰী দল শ্রীলংকাৰ বিৰুদ্ধে আজি দ্বিতীয়খন টি–২০ মেচত অৱতীর্ণ হ’ব ঘৰুৱা দল টীম ইণ্ডিয়া৷ পুনেত হ’বলগীয়া মেচখনত বিজয় সাব্যস্ত কৰি টি–২০ শৃংখলাটো হস্তগত কৰাৰ লক্ষ্য লৈছে হার্দিক পাণ্ডিয়া নেতৃত্বাধীন ভাৰতীয় দলটোৱে৷ মঙলবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হৈ যোৱা ৰোমাঞ্চকৰ মেচখনত বিজয় সাব্যস্ত কৰি আত্মবিশ্বাস তুংগত থকা ভাৰতীয় দলটোৱে কাইলৈৰ মেচখনতো জয়ৰ ধাৰা অব্যাহত ৰাখিব বিচাৰিছে৷ তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ কাইলৈৰ মেচখনত জয়লাভ কৰিব পাৰিলেই ২–০ অগ্রগতিৰে শৃংখলাটো দখল কৰিব ঘৰুৱা দলটোৱে৷ অৱশ্যে মেচখনৰ পূর্বে বেটিং বিভাগক লৈ কিছু পৰিমাণে চিন্তিত হৈ পৰিছে ভাৰতীয় শিবিৰটো৷ প্রথমখন মেচত বেটাৰসকলে নিজৰ সামর্থ্য অনুসৰি খেলিবলৈ সক্ষম হোৱা নাই যদিও কাইলৈৰ মেচখনত সতীর্থসকলে নিজৰ ছন্দ অনুসাৰে খেলিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰিছে অধিনায়ক পাণ্ডিয়াই৷ শুভমন গিলৰ পৰা দীঘলীয়া ইনিংছ বিচাৰিছে অধিনায়কগৰাকীয়ে৷ প্রথমখন মেচত ব্যর্থ হ’লেও কাইলৈৰ মেচখনত শুভমন নিজৰ ছন্দলৈ উভতিব বুলি আত্মবিশ্বাসী পাণ্ডিয়া৷ সঞ্জু ছেমচনৰ প্রদর্শনেও কিছু পৰিমাণে চিন্তাত ৰাখিছে ভাৰতীয় দলটোক৷ উইকেটকীপাৰ বেটাৰগৰাকীয়ে কাইলৈ পুনেত উন্নত প্রদর্শন দাঙি ধৰিব পাৰিব বুলি আশা ব্যক্ত কৰি অধিনায়ক পাণ্ডিয়াই কয় যে পুনেৰ উইকেট বেটাৰৰ সহায়ক হ’ব আৰু সতীর্থসকলে দীঘলীয়া ইনিংছ খেলিবলৈ সক্ষম হ’ব৷ মেচখনত জয়লাভ কৰিবলৈ হ’লে শ্রীলংকাৰ সন্মুখত আমি বৃহৎ স্ক’ৰ থিয় কৰাব লাগিব৷ অৱশ্যে বলিং বিভাগক লৈ কোনো চিন্তাৰ কাৰণ নাই বুলি ব্যক্ত কৰে পাণ্ডিয়াই৷ আনহাতে, কাইলৈৰ মেচখনত বিজয় সাব্যস্ত কৰি শৃংখলাটোত প্রত্যাৱর্তনৰ লক্ষ্যৰে নামিব সিংহলী বাহিনী৷ মঙলবাৰে হৈ যোৱা প্রথমখন মেচত জয়ৰ কাষ চাপিও থমকি ৰ’বলগীয়া হয় যদিও কাইলৈৰ মেচখনত জয়লাভেই প্রধান লক্ষ্য বুলি মন্তব্য কৰে অধিনায়ক ডাছুন ছানাকাই৷ খেলৰ

সময়ঃ ৭.৩০ বজা

You might also like