ভাৰতৰ প্রথম মেচতে নিৰাপত্তাক লৈ প্রশ্ন
🔹 খেলপথাৰত প্রৱেশ বিদেশী দর্শকৰ
বিশেষ বাৰ্তা, ৮ অক্টোবৰ : চলিত বিশ্বকাপত ভাৰতৰ প্রথমখন মেচতে নিৰাপত্তাক লৈ প্রশ্ন উত্থাপিত হৈছে৷ খেল আৰম্ভ হোৱাৰ পিছতে খেলপথাৰত প্রৱেশ কৰে এজন বিদেশী দর্শক৷ তেওঁৰ শৰীৰত আছিল ভাৰতীয় দলৰ জার্ছী ৷ নিৰাপত্তাৰক্ষীক বিভ্রান্ত কৰি তেওঁ খেলপথাৰৰ ভিতৰত কিছু সময় দৌৰি ফুৰিছিল৷ পিছত বিৰাট কোহলিয়ে আহি তেওঁৰ সৈতে কথা পাতে আৰু নিৰাপত্তাৰক্ষীৰ লগত তেওঁক ওভতাই পঠিয়ায়৷ জানিব পৰা মতে, খেলপথাৰত প্রৱেশ কৰা দর্শকগৰাকী ইংলেণ্ডৰ৷ তেওঁ টীম ইণ্ডিয়াৰ জার্ছী পিন্ধি কোহলিৰ ফালে আগবাঢ়ি আহিছিল৷ সেই সময়তে খেলপথাৰৰ নিৰাপত্তাৰক্ষী দৌৰি আহি সমর্থকজনক আবদ্ধ কৰে৷ ইংলেণ্ডৰ পিছত এইবাৰ ভাৰতৰ ষ্টেডিয়ামতো প্রৱেশ কৰে ডেনিয়েল জার্ভিছ ওৰফে জার্ভোৱে ৷ ইয়াৰ পূর্বে ২০১১ চনত ভাৰত–ইংলেণ্ড ছিৰিজৰ দ্বিতীয় টেষ্টৰ সময়ত লর্ডছৰ পিটছত প্রৱেশ কৰি তেওঁ পোহৰলৈ আহিছিল৷ নিজকে ভাৰতীয় দলৰ সদস্য বুলি জাহিৰ কৰা জার্ভোৱে পূর্বেও পেড, গ্ল’ভছ, হেলমেট পিন্ধি ভাৰতীয় জার্ছীৰে খেলপথাৰত নামিছিল৷